NORTHEAST NOW (Assamese)

চিৰাঙত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক নৃশংসভাৱে হত্যা

March 9, 2018 5:20 pm · এন ই নাও নিউজ

বৃহস্পতিবাৰে নিশা চিৰাং জিলাত এক পৰিয়াল বিবাদক কেন্দ্ৰ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানক নৃশংসভাৱে হত্যা কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ১৭৬ নং বেটেলিয়নৰ বি এছ এফৰ সুভাষ বসুমতাৰী(৪৫) নামৰ জোৱানজন জম্মুত কৰ্মৰত অৱস্থাত আছিল।

আনহাতে সুভাষ বসুমতাৰী নামৰ বি এছ এফৰ জোৱানজন চিৰাং জিলাৰ ৰুনিকাটা আৰক্ষী চকীৰ অন্তৰ্গত ৰুনিকাটা ভূৰাপাৰাৰ নিৱাসী বুলি জানিব পৰা গৈছে। জানিব পাৰা মতে বসুমতাৰীয়ে নিজ কৰ্তব্যস্থলীৰ পৰা ছুটি লৈ নিজ বাসগৃহত আহি উপস্থিত হোৱাৰ পিছতে বসুমতাৰীক কোনো অচিনাক্ত দুৰ্বৃত্তই বৃহস্পতিবাৰে নিশা হত্যা কৰে।

আনহাতে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সম্পৰ্কে অভিযান অব্যাহত ৰখাৰ লগতে বসুমতাৰীক হত্যাৰ আঁৰৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবেও অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ আঁৰৰ কাৰণ তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ মাজত হোৱা সম্পত্তি জনিত বিবাদেই হ’ব বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related News