NORTHEAST NOW (Assamese)
অসম

চি ই চি ৰ উদ্যোগত মহানগৰীৰ হোটেল গে’টৱেত আৰম্ভ হ’ল নেত্ৰদান সজাগতা অভিযান

Posted by: কল্পজ্যোতি শইকীয়া April 29, 2018 8:55 pm

‘মৃত্যুৰ পিছতো আপোনাৰ চকুহালে চাই থাকিব বিচাৰে’ এই মূলমন্ত্ৰ হাতত লৈ অসম তথা উত্তৰ-পূবৰ কম্পিউটাৰ তথা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান চি ই চি য়ে আজিৰ পৰা নেত্ৰদান সজাগতা অভিযানৰ আৰম্ভ কৰে।

অহা ২ মে’ত প্ৰতিষ্ঠানটোয়ে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ সৈতে সংগতি ৰাখি তেওঁলোকে এই পদক্ষেপ হাতত লৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আজি মহানগৰীৰ এ বি চিস্থিত হোটেল গে’টৱেত এখন সংবাদমেলৰ আয়োজন কৰি উক্ত সংবাদমেলতে প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক সভাপতি দীপাংকৰ দত্তই নেত্ৰদান সম্বন্ধীয় ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি এই অভিযানৰ আৰম্ভ কৰে।

আনহতে এইক্ষেত্ৰত চি ই চিক সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ স্বাস্থ্য সঞ্চালক ড০ হৰ্ষ ভট্টাচাৰ্য্যই চি ই চিৰ এই প্ৰচেষ্টাৰ সলাগ লৈ কয়, ‘আমাৰ জীবন, আমাৰ সভ্যতা এই সকলোবোৰ চকুৰ দৃষ্টিৰ ওপৰত ভিত্তি কৰি হৈছে। সমাজখনক ভালদৰে ৰাখিব পৰাটো কিতাপৰ পৰা লাভ কৰা জ্ঞানতকৈও শ্ৰেয়।’

তেওঁ আৰু কয়, ‘চকুৰ কৰ্ণিয়া বেয়া হোৱা মানুহক সৰু অপাৰেচনৰ দ্বাৰা ঠিক কৰিব পৰা যায়। বাৰ্ধক্যজনিত অথবা অন্যান্য কাৰণত মৃত্যু হোৱা মানুহৰ পৰা চকু কেইটা ৪-৬ ঘন্টাৰ ভিতৰত দৃষ্টিহীন লোকক সংস্থাপন কৰিব পাৰে।’

ইচ্ছাপত্ৰখনত চহী কৰি উঠি দীপাংকৰ দত্তই এই নেত্ৰদান অভিযানে চি ই চিৰ সকলো শাখাৰ ছাত্ৰ-ছাত্ৰী, অভিভাবক তথা কৰ্মচাৰীসকলক সামৰি ল’ব বুলি উল্লেখ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰাণক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।