NORTHEAST NOW (Assamese)
অসম

চি পি আই (এম)ৰ বিৰুদ্ধে ত্ৰিপুৰাৰ চৰকাৰী কৰ্মচাৰীৰ পৰা বলপূৰ্বক নিৰ্বাচনী পুঁজি সংগ্ৰহৰ অভিযোগ বিজেপিৰ

Posted by: পিনাকী দাস January 18, 2018 3:12 pm
হিমন্ত বিশ্ব শৰ্মা। ফাইল ফট’।

বিজেপিয়ে চি পি আই (এম)ৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব বিজেপিয়ে। চি পি আই (এম)ৰ বিৰুদ্ধে বিজেপিয়ে নিৰ্বাচন আয়োগক ‘বলপূৰ্বক ধন সংগ্ৰহ’ৰ অভিযোগ উত্থাপন কৰিব।

নেদাৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চি পি আই (এম)এ নিৰ্বাচন পুঁজিৰ নামত ৰাজ্যখনৰ প্ৰত্যেকগৰাকী কৰ্মচাৰীৰপৰা গড়ে ৩০০০ টকাকৈ সংগ্ৰহ কৰিছে- যিটো সম্পূৰ্ণৰূপে বেঅাইনী।

দলটোৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বুজ ল’বলৈ কালি ত্ৰিপুৰাত আহি উপস্থিত হোৱা নেতাগৰাকীয়ে কয় যে, ‘যদি শাসনাধিষ্ঠিত দলটোক এইদৰে ৰাজ্যখনৰ ১.৫ লাখ কৰ্মচাৰীৰপৰা ধন সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া হয় তেন্তে তেন্তে এই সংগ্ৰহ হ’ব অতি বৃ্হৎ- প্ৰায় ৪৫০ কোটি টকা। চৰকাৰী কৰ্মচাৰীৰপৰা বলপূৰ্বকভাৱে সংগ্ৰহ কৰা ইমান বৃ্হৎ পৰিমাণৰ পুঁজিৰে চি পি আই (এম)এ অস্ত্ৰ-শস্ত্ৰ কিনিব নে কি? চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক বিজন ধৰৰ বিৰুদ্ধে আমি নিৰ্বাচন আয়োগৰ ওচৰত বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ দাখিল কৰিম।’

আনহাতে বিজেপি- আই পি এফ টিৰ জোঁটবন্ধন এতিয়াও হোৱা নাই। অহা দুদিনৰ ভিতৰতে এই জোঁট বন্ধন হোৱাৰ সম্ভাৱনা আছে।