NORTHEAST NOW (Assamese)
দেশ

আমেৰিকাত দুসপ্তাহ ধৰি নিৰুদ্দেশ হায়দৰাবাদৰ ছাত্ৰঃ মুক্তিপণ দাবী পৰিয়ালক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2024 4:31 pm
Indian Student Found Dead In US

আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ কেইবাগৰাকীও ভাৰতীয় ছাত্ৰৰ মৃত্যুক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। চলিত বৰ্ষতে ৯ গৰাকীকৈ ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে আমেৰিকাত।

শেহতীয়াকৈ আন এগৰাকী ভাৰতীয় ছাত্ৰ আমেৰিকাত নিৰুদ্দেশ হৈ থকাক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। প্ৰকাশিত খবৰ অনুসৰি যোৱা ৭ মাৰ্চৰ পৰাই আমেৰিকাত নিৰুদ্দেশ হৈ আছে হায়দৰাবাদৰ ছাত্ৰজন।

নিৰুদ্দিষ্ট ছাত্ৰজনৰ নাম আব্দুল মহম্মদ। ২৫ বৰ্ষীয় আব্দুলে অহাইঅ’ৰ ক্লিভলেণ্ড বিশ্ববিদ্যালয়ত তথ্য প্ৰযুক্তি (আই টি)ত স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰি আছিল।  

আব্দুলৰ পৰিয়ালে জানিবলৈ দিয়া মতে যোৱা ৭ মৰ্চত তেওঁলোকে শেষবাৰৰ বাবে যুৱকজনৰ সৈতে কথা পাতিছিল। তাৰ পিছত তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নই পৰিয়ালৰ।

ইফালে তেওঁৰ পিতৃ মহম্মদ ছালিমে পুত্ৰৰ নিৰুদ্দেশৰ পাছতে এক অজ্ঞাত নম্বৰৰ পৰা কোনো লোকে এটা গেঙৰ সদস্য বুলি দাবী কৰা ফোনকল লাভ কৰা বুলি উল্লেখ কৰিছে।

ফোন যোগে ব্যক্তিজনে আব্দুলক অপহৰণ কৰা বুলি দাবী কৰি নিৰাপদে ঘূৰাই দিয়াৰ বাবদ ১২০০ ডলাৰ মুক্তিপণৰ দাবী জনাইছে বুলিও আব্দুলৰ পিতৃয়ে উল্লেখ কৰিছে।

মুক্তিপণ নিদিলে আব্দুলৰ বৃক্ক বিক্ৰী কৰাৰ ভাবুকি দিয়া বুলিও আব্দুলৰ পিতৃয়ে জানিবলৈ দিছে। আনহাতে আমেৰিকাত থকা আব্দুলৰ আত্মীয়ই ৮ মাৰ্চত ক্লিভলেণ্ড আৰক্ষী চকীত আব্দুল নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি সদৰী কৰিছে। ছাত্ৰজনৰ পৰিয়ালে বিষয়টোত হস্তক্ষেপ কৰি আব্দুল যাতে নিৰাপদে উভতি আহিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ কেন্দ্ৰক আবেদন জনায়।