NORTHEAST NOW (Assamese)
দেশ

নিৰ্বাচনী ভাষণত তামিল জাতিক অপমান : অৱশেষত স্বাভিমানী জাতিৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী শোভা কাৰণ্ডলাজে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 20, 2024 5:30 pm

মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী শোভা কাৰণ্ডলাজে তামিলসকলক লৈ কটু মন্তব্য কৰে। শেহতীয়ালৈ বেংগালুৰুৰ এখন কেফেত সংঘটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘তামিলনাডুৰ কোনোবাই এই বিস্ফোৰণ ঘটাইছে।’ 

মন্ত্ৰীগৰাকীৰ এই মন্তব্যই তামিলনাডুৰ বাসিন্দাক ক্ষুব্ধ কৰি তুলিছে। দেশৰ অন্যান্য প্ৰান্ততো আৰম্ভ হৈছে সমালোচনা। চৌদিশে হোৱা প্ৰতিক্ৰিয়াৰ পিছত ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল শোভা কৰণ্ডলাজ। 

আজি নিজৰ এক্স হেণ্ডেলত ক্ষমা বিচাৰি মন্ত্ৰীগৰাকীয়ে লিখিছে, “এটা কথা মই মোৰ তামিল ভাই-ভনীসকলক স্পষ্ট কৰিব বিচাৰিছো যে মোৰ বক্তব্য বিস্ফোৰণ কাণ্ডটোক পোহৰলৈ অনাৰ উদ্দেশ্যত হে কৰিছিলোঁ, কোনো বিশেষ জাতিক আক্ৰমণ কৰাৰ উদ্দেশ্য নাছিল । অৱশ্যে মোৰ মন্তব্যই কিছুমানক ক্ষুন্ন কৰিছে বুলি মই জানিব পাৰিছোঁ – আৰু তাৰ বাবে মই ক্ষমা বিচাৰিছো। মোৰ মন্তব্য কেৱল কৃষ্ণগিৰি বন প্ৰশিক্ষাৰ্থীৰ বাবেহে আছিল।”

মঙলবাৰে বেংগালুৰু বিস্ফোৰণ সন্দৰ্ভত কওঁতে শোভাই সৰ্বভাৰতীয় এটা সংবাদ প্ৰতিষ্ঠানৰ আগত কয়, ‘আৰক্ষীয়ে কৈছিল যে আমি নামজ শেষ হোৱাৰ পিছতহে যাব পাৰিম। মই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াক সুধিব বিচাৰিছো –  ইয়াত কাৰ চৰকাৰ চলি আছে। হিন্দুসকলে আপোনাক ভোট দিয়া নাছিল নেকি? ইয়াত হিন্দুসকলক অহৰহ অপমান কৰা হৈছে। তামিলনাডুৰ পৰা অহা এজন ব্যক্তিয়ে কেফেত বোমা এৰি থৈ গৈছে।”

মন্ত্ৰীগৰাকীৰ মন্তব্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তামিলনাডুৰ বাসিন্দাসকল ক্ষুব্ধ হৈ পৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে। এই ভিডিঅ’টো এক্স হেণ্ডেলত শ্বেয়াৰ কৰি তেওঁ লিখিছে, “শান্তি, সম্প্ৰীতি আৰু জাতীয় ঐক্য বিপন্ন কৰাৰ বাবে শোভা কাৰণ্ডলাজৰ বিৰুদ্ধে বিহিত আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছো। নিৰ্বাচন আয়োগে এই ধৰণৰ ঘৃণামূলক ভাষণৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে প্ৰয়োজনীয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।”