NORTHEAST NOW (Assamese)
অসম

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা, ৪ শিক্ষাৰ্থীয়ে দখল কৰিলে প্ৰথমস্থান

Posted by: এন ই নাও নিউজ May 29, 2018 2:36 pm
CBSE

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে পৰিষদে।

আজি পৰিষদে ঘোষণা কৰা ফলাফল অনুসৰি চলিত বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৬.৭০ শতাংশ।

উল্লেখযোগ্য যে আজি ঘোষিত ফলাফল অনুসৰি ৪ গৰাকী শিক্ষাৰ্থীয়ে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰি প্ৰথমস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। পৰিষদে ঘোষণা কৰা ফলাফল অনুসৰি দিল্লী ডি পি এছ (DPS)ৰ গুড়গাঁৱৰ প্ৰখাৰ মিট্টাল, বিজনোৰৰ আৰ পি (RP) পাব্লিক স্কুলৰ ৰিমজিম আগৰৱাল, শামলিৰ স্কটিছ ইণ্টাৰনেচনেল স্কুলৰ নন্দিনী গাৰ্গ, কোচিনৰ ভাৱনা বিদ্যালয়ৰ শ্ৰীলক্ষ্মীয়ে প্ৰথমস্থান লাভ কৰিছে।

আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে পৰিষদৰ তিনিটা ৱেবছাইট ক্ৰমে CBSE.NIC.IN, RESULTS.NIC.IN আৰু CBSERESULTS.NIC.INত ফলাফল চাবলৈ সক্ষম হ’ব।

উল্লেখযোগ্য যে এইবাৰ সমগ্ৰ দেশৰ প্ৰায় ১৬ লাখ শিক্ষাৰ্থীয়ে চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।