NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মেঘালয়ৰ মাওফলাং বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিণ্টাৰ ছানৰ য়ুনাইটেড ডেমক্ৰেটিক পাৰ্টিত যোগদান

Posted by: এন ই নাও নিউজ May 29, 2018 2:58 pm
meghalaya indepwendent mla sunn

মঙলবাৰে মেঘালয়ৰ মাওফলাং বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিণ্টাৰ ক্লাছ ছানে আনুষ্ঠানিকভাৱে য়ুনাইটেড ডেমক্ৰেটিক পাৰ্টিত চমুকৈ য়ু ডি পিত  যোগদান কৰিছে।

বিধায়ক ছান য়ু ডি পি দলটোৰ সহযোগী সদস্য হৈ পৰাত ৬০খন আসন বিশিষ্ট মেঘালয় বিধানসভা সমষ্টিত য়ু পি এৰ আসনৰ ৬খনৰ পৰা ৭খলৈ বৃদ্ধি পালে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিধায়ক ছান শাসনাধিষ্ঠ এম ডি এ কিংবা বিৰোধী কংগ্ৰেছ, কোনোটোৰে অংশ হিচাপে পৰিগণিত হোৱা নাছিল।

ছানে য়ু ডি পিত অংশগ্ৰহণ কৰাৰ পূৰ্বে এন পি পিৰ নেতৃত্বাধীন এম ডি এ চৰকাৰত মুঠ ৩৭ গৰাকী বিধায়ক আছিল। এতিয়া ছানে অংশগ্ৰহণৰ পাছত শাসনাধিষ্ঠ এম ডি এৰ  মিত্ৰজোঁটটোত বিধায়কৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পালে।

ছানক য়ু ডি পিৰ সভাপতি আৰু বিধানসভাৰ অধ্যক্ষ ড০ ডংকুপাৰ ৰয়ে দললৈ আদৰণি জনায়।

উল্লেখ্য যে এম ডি এ চৰকাৰ ছটা দলেৰে গঠিত। ২০ গৰাকী বিধায়কেৰে ইয়াৰ নেতৃত্বত আছে  এন পি পি দল। অন্যন্য দলসমূহ হৈছে  য়ু ডি পি (৬+১ সহযোগী সদস্যৰে), পীপ্‌ল’ছ ডেমক্ৰেটিক ফ্ৰণ্ট (৪), ভাৰতীয় জনতা পাৰ্টি (২), হীল ষ্টেইট পীপ্‌ল’ছ ডেমক্ৰেটিক পাৰ্টি (২),  এন চি পি (১) আৰু নিৰ্দলীয় (২)।