NORTHEAST NOW (Assamese)
অসম

পে’ট্ৰল-ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিৰ ফলত শুৱালকুছিত টেম্প’ চালকৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ May 29, 2018 3:15 pm
petrol-pump

ৰাজ্যখনত আজি কিছু দিনৰ পৰা ইদিনৰ পিছত সিদিন ধৰি পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হৈ থকাৰ ফলত আজি শুৱালকুছিত টেম্প’চালক সন্থাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে চৰকাৰে আমাক নিজ হাতেৰে নামাৰি ভাতে মৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে। লগতে প্ৰতিবাদকাৰী তথা টেম্প’চালক সকলে তেলৰ দাম হ্ৰাস নকৰিলে আত্মহত্যাৰ কৰাৰ হুংকাৰ প্ৰদান কৰে।

আনহাতে আজি টেম্প’চালক সকলে ৰাজপথ সম্পূৰ্ণভাৱে অৱৰোধ কৰাৰ ফলত শুৱালকুছি দদৰা শিঙিমাৰী বামুন্দি আদি অঞ্চলৰ যাত্ৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

আনহাতে স্থানীয় ৰাইজেও এনেদৰে প্ৰতিদিনে পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পে’ট্ৰল-ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিৰ ফলত সাধাৰণ ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যাৰ ফলত আজি টেম্প’চালক সকলে টেম্প’ এৰি হাতত প্লেকাৰ্ড ল’ব লগা হৈছে।