NORTHEAST NOW (Assamese)

চীনৰ চাংহাইৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীৰ পদত অসম সন্তান অধ্যাপক দীপক জৈন

July 6, 2018 1:22 pm · এন ই নাও নিউজ

এগৰাকী অসম সন্তানে চীনৰ এখন উচ্চ শিক্ষানুষ্ঠানত মুৰব্বীৰ পদত অধিষ্ঠিত হৈছে। তেজপুৰত ডাঙৰ-দীঘল হোৱা অধ্যাপক দীপক জৈনক শেহতীয়াকৈ চীনৰ চাংহাইৰ বিশ্বৰ এখন শীৰ্ষস্থানীয় শিক্ষা প্ৰতিষ্ঠান চীন ইউৰোপ ইণ্টাৰনেচনেল বিজনেছ স্কুলৰ (চি ই আই বি এছ) মুৰব্বীৰ পদত নিয়োগ কৰা হৈছে।

৬১ বছৰীয়া জৈনে শিক্ষা প্ৰতিষ্ঠানখনৰ ইউৰোপিয়ান প্ৰেছিডেণ্টৰ আসন শুৱনি কৰিব। জৈনক পেড্ৰ’ নুৱেনৰ স্থলাভিষিক্ত কৰা হৈছে। নুৱেনে বিগত ২৮ বছৰ ধৰি এই পদত কাৰ্যনিৰ্বাহ কৰি আছিল।

অধ্যাপক জৈন পূৰ্বে বিশ্বৰ আন দুখন আগশাৰীৰ বিজনেছ স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কেলগ স্কুল অফ মেনেজমেন্ট আৰু ইনছিড (আই এন এছ ই এ ডি)ৰ দৰে বিশ্বৰ শীৰ্ষস্থানীয় দুখন বিজনেছ স্কুলৰ ডীন হিচাপে হিচাপে কৰ্মৰত আছিল।

‘’ আমি চীনৰ প্ৰতি আগ্ৰহ থকা ব্যক্তিসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছো। যিসকলে ইয়াত কাম কৰিব বিচাৰে তথা ইয়াত কিবা এটা সৃষ্টি কৰাৰ প্ৰচেষ্টা চলাব বিচাৰে, যিসকল ব্যক্তিয়ে বিশ্বৰ এই অংশৰ সৈতে বা যিকোনো অংশৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে,’’- চীনৰ দৈনিক কাকত এখনত অধ্যাপক জৈনে এইদৰে প্ৰকাশ কৰিছে।

সম্প্ৰতি আমেৰিকাৰ চিকাগোত বসবাস কৰা জৈনে প্ৰতি মাহতে ১০–১৫ দিনকৈ চাংহাইত থাকি শিক্ষানুষ্ঠানখনত কাৰ্যনিৰ্বাহ কৰি আছে।

Related News