NORTHEAST NOW (Assamese)

চোৰাং সোণৰ বিস্কুট সহ গুৱাহাটীত বিজেপিৰ যুৱ নেতাক গ্ৰেপ্তাৰ

May 14, 2018 11:00 am · এন ই নাও নিউজ
(বাওঁফালৰ পৰা) ৰাজীৱ ধৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। ফটো : ফেচবুকৰ সৌজন্যত

অসমৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন নেতাক আন তিনিজন ব্যক্তিৰ সৈতে সোণৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত দেওবাৰে জালুকবাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে মহানগৰ আৰক্ষী আৰু চি আই ডিৰ এটি দলে এক তালাচী অভিযানত জালুকবাৰীৰ শৰাইঘাট দলঙৰ সমীপত ভাৰতীয় জনতা যুৱ মৰ্চাৰ জালুকবাৰী শাখাৰ সভাপতি ৰাজীৱ ধৰ আৰু আন তিনিজন যুৱকক আটক কৰে আৰু তেওঁলোকৰ জিম্মাৰ পৰা দুখন সোণৰ বিস্কুট জব্দ কৰে।

ৰাজীৱ ধৰ

বিষয়াসকলে জনোৱা মতে আন তিনিজন যুৱকক উত্তম হালদাৰ, ৰাজেশ মণ্ডল আৰু জয়দেৱ মণ্ডল বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি যুৱক কেইজনে বৰপেটা জিলাৰ হাউলীৰ পৰা এখন ৱেগনাৰ গাড়ীৰে আহি থাকোতে সোণৰ বিস্কুটসহ তেওঁলোকক আটক কৰা হয়।

সূত্ৰসমূহে জনোৱা মতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতা ধৰ মহানগৰৰ মালিগাঁও অঞ্চলৰ বাসিন্দা আৰু স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে ধৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে।

ফেচবুকত থকা ৰাজীৱ ধৰৰ প্ৰফাইল পিক্চাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উঠা ফটো আপলোড কৰা আছে।

 

Related News