NORTHEAST NOW (Assamese)

চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা গাঁৱক সকলো সুবিধা প্ৰদানৰ আশ্বাস ৰাজ্যপাল পি বি আচাৰ্যৰ  

January 25, 2018 12:40 pm · এন ই নাও নিউজ

ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ নানা সমস্যাৰে ভাৰাক্ৰান্ত চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা অসংখ্য গাঁৱৰ লোকসকলক নিৰাপত্তা তথা সকলো সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই।

চৰকাৰী তথ্যত সন্নিৱিষ্ট নোহোৱা গাঁৱৰ প্ৰতিনিধি আৰু আদিবাসী সংখ্যালঘু ধৰ্মৰ প্ৰতিনিধিৰে ৰাজ্যপালগৰাকীয়ে মিলিত হোৱা বৈঠকত নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাৰ গাঁৱৰ লোকসকলক যিকোনো প্ৰকাৰে সুৰক্ষিত কৰিব বুলি আশ্বাস প্ৰদান কৰে।

ড০ এমএম থ্ৰৌমৱা কন্যাকৰ প্ৰতিনিধিত্বত যোৱা সজাতি দলটোৱে ৰাজ্যপালগৰাকীক মঙলবাৰে সাক্ষাত কৰি সীমান্তৱৰ্তী অঞ্চলত বাস কৰা গাঁৱৰ লোকসকলৰ সমস্যাৰ বিষয়ে অৱগত কৰোৱায়।

জন সম্পৰ্কৰক্ষী বিষয়াই এক প্ৰেছ বিবৃতি যোগে জনোৱা অনুসৰি ৰাজ্যপাল আচাৰ্যই গাঁৱবাসীয়ে সন্মুখীন হোৱা সমস্যাৰাজীৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এই সম্পৰ্কত বিহিত ব্যৱস্থা লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তাৰোপৰি গভীৰ চিন্তনীয় বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত অনতিপলমে আলোচনা কৰি দ্ৰুতগতিত সমস্যাটোৰ সমাধান উলিওৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰে।

আনহাতে সীমান্তৱৰ্তী অঞ্চলত শিশুসকলৰ বাবে বিদ্যালয় স্থাপন কৰি ৰাজ্যৰ উন্নয়নত অংশীদাৰী হ’বলৈ ৰাজ্যপালগৰাকীয়ে বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু দান-বৰঙণি আগবঢ়োৱা সংগঠন সকলক আহ্বান জনায়। লগতে সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ আৰ্থিক দুৰৱস্থা দূৰ কৰিবলৈ ব্যক্তিগত প্ৰতিষ্ঠান সমূহক নিজাববীয়াকৈ কিছু পদক্ষেপ গ্ৰহণৰো অনুৰোধ জনায়।

Related News