NORTHEAST NOW (Assamese)
অসম

চৰকাৰী স্বীকৃতি, সা-সুবিধা প্ৰদানৰ দাবীত আৰু বেচৰকাৰীকৰণৰ প্ৰতিবাদত অংগনৱাড়ী কৰ্মী আৰু সহায়কাৰী য়ুনিয়নৰ প্ৰতিবাদ ধৰ্মনগৰত

Posted by: পান্না ঘোষ January 17, 2018 5:02 pm
ত্ৰিপুৰা অংগনৱাড়ী কৰ্মী আৰু সহায়কাৰী য়ুনিয়নৰ প্ৰতিবাদ

চৰকাৰী স্বীকৃতি, চাকৰিৰ নিয়মীয়াকৰণ, ১৮০০০ টকালৈকে দৰমহা বৃদ্ধি, গ্ৰেচু্ইটিৰ সৈতে ৩০০০ টকাৰ পেঞ্চন প্ৰদান, ই পি এছ আৰু ই এছ আই সুবিধা প্ৰদানৰ দাবীত সমগ্ৰ দেশজুৰি আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, দুপৰীয়াৰ আহাৰৰ কৰ্মীসকলে আজি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপে ত্ৰিপুৰাৰ ধৰ্মনগৰটো এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

৬ বছৰ বয়সতকৈ তলৰ শিশু আৰু তেওঁলোকৰ মাতৃসকলক খাদ্য, বিদ্যালয়পূৰ্ব শিক্ষা আৰু প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰি অহা সংহত শিশু বিকাশ সেৱা (ICDS) কাৰ্য্যসূচীৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধেও কৰ্মীসকলে প্ৰতিবাদ জনায়।

অৱশ্যে দুপৰীয়াৰ আহাৰৰ কৰ্মী সকলে দাবী সমূহ সমৰ্থন কৰিলেও দুপৰীয়া বিদ্যালয়ত খাদ্য ৰান্ধিব লগা হোৱাৰ বাবে তেওঁলোকে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিব নোৱাৰিলে।

ধৰ্মনগৰৰ চি আই টি য়ু কাৰ্য্যালয়ৰ পৰা সমদলটো আৰম্ভ হয়।

উল্লেখযোগ্য যে দীৰ্ঘদিনজুৰি সমগ্ৰ দেশৰ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু দুপৰীয়াৰ আহাৰৰ কৰ্মীসকলে এইসমূহ সুবিধা দাবী কৰি আহিছে।