NORTHEAST NOW (Assamese)

চৰকাৰে অসমৰ ৰাইজৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে: দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী সোণোৱাল

May 24, 2018 1:49 pm · কল্পজ্যোতি শইকীয়া
Updated: May 24, 2018 2:55 pm

‘৩০ জুনলৈকে অপেক্ষা কৰক অসমৰ ৰাইজে।ৰাজ্য চৰকাৰে জনতাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত নলয়।বিদেশীৰ ক্ষেত্ৰত আমাৰ স্থিতি একেই থাকিব’।— এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি বিজেপি মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰাত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত কয়— ‘আমি কোনো কথাতে লুকাভাকু নেখেলো।নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও লুকাভাকু খেলা নাই।জনতাক অন্ধকাৰত ৰাখি আমি কোনো কাম নকৰো।প্ৰজাৰ কথা আমি মানিবই লাগিব।ৰাইজৰ কথা আমি উলাই কৰা নাই।ৰাইজক বাদ দি আমি একো নহয়। চৰকাৰখন ৰাইজৰ বাবেই আছে।চৰকাৰৰ ওপৰত আস্থা হেৰুৱাব নালাগে ৰাইজে। ৰাইজৰ মনৰ কথা আমিয়ে বুটলিব লাগিব। ৰাইজৰ বাবেই আমি শাসনৰ গাদীত বহিছো। ৰাইজৰ আশা– আকাংক্ষা পূৰণৰ বাবে এইখন চৰকাৰ দায়বদ্ধ। নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত দল–সংগঠনৰ লগতো আমি আলোচনাত বহিম।

আনহাতে ভাৰত-বাংলা সীমান্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি সোণোৱালে কয়— ‘ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ভাৰত–বাংলা সীমান্ত ছীলৰ কাম।সম্প্ৰতি সীমান্ত ছীলৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িছে।মই মুখ্যমন্ত্ৰী হিচাপে নিজেই তিনিবাৰ সীমান্ত পৰিদৰ্শন কৰিছো।

একেখন সংবাদমেলতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম তথা উত্তৰ– পূবক এক্ট ইষ্ট পলিচীৰে গুৰুত্ব দিছে কেন্দ্ৰই।কংগ্ৰেছে আন্ধাৰত ৰখা অসমক পোহৰাই তুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে।বিদেশীমুক্ত অসমৰ বাবে এনআৰচিৰ কাম চলি আছে।এনআৰচিৰ প্ৰথম খচৰা ইতিমধ্যে প্ৰকাশ পাইছে।এনআৰচি সম্পূৰ্ণ হ’লে এয়া হ’ব আমাৰ ডাঙৰ সফলতা।সেয়েহে ৩০ জুনলৈকে এনআৰচিৰ প্ৰক্ৰিয়াত সকলোকে সহযোগিতাৰ আহ্বান জনাইছো।

সংবাদমেলত মুখ্যমন্ত্ৰী সোণোৱালে গঁড হত্যা ৰোধ, বেদখল উচ্ছেদ আদি সন্দৰ্ভতো মন্তব্য আগবঢ়ায়। তেওঁ লগতে স্বাস্থ্য, শিক্ষা, আইন আদি ক্ষেত্ৰত মিত্ৰজোঁট চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে।

আনহাতে দুৰ্নীতিবিৰোধী অভিযানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে এই সন্দৰ্ভত এক খতিয়ান দাঙি ধৰে। তেওঁ লগতে বিভিন্ন বিভাগত বৃদ্ধি পোৱা ৰাজহ সংগ্ৰহৰ পৰিসংখ্যাও উল্লেখ কৰে।

খানাপাৰাত অনুষ্ঠিত সংবাদমেলখনত বিজেপি মিত্ৰজোঁটৰ অন্যতম দল অগপৰ সভাপতি অতুল বৰা, বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীসহ অন্যান্য নেতা- কৰ্মীসকল উপস্থিত আছিল।

 

Related News