NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ অমনোযোগিতাৰ প্ৰতিবাদত যোৰহাটৰ হ’মিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ত তলা ওলমালে ছাত্ৰ-ছাত্ৰীয়ে

Posted by: দেৱজিত বৰুৱা March 6, 2018 6:32 pm
homeopathy_students_Protest

অসম চৰকাৰৰ অমনোযোগিতাৰ বাবেই যোৰহাটৰ জে’ কে’ শইকীয়া হ’মিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰয়োজনীয় আন্তঃগাঁথনি নথকাৰ প্ৰতিবাদত মহাবিদ্যালয়খনত তলা ওলমালে ছাত্ৰ-ছাত্ৰীয়ে।

মহাবিদ্যালয়খনত ন্যূনতম আন্তঃগাঁথনি আৰু সুবিধা, হ’ষ্টেল, শিক্ষক, ‘জীৱন ৰক্ষাকাৰী জৰুৰী দৰৱ’ সম্পৰ্কীয় পাঠ্যক্ৰম, হ’মিঅ’ চিকিৎসকৰ বাবে প্ৰতি বছৰে কমেও ১৫০ টা পদৰ বাবে বিজ্ঞাপন দিয়াৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে  মহাবিদ্যালয়খনৰ প্ৰৱেশপথত আজি মঙলবাৰে ৫ ঘণ্টীয়া এক অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰে।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ দাবীত মুখ্য মন্ত্ৰীলৈ যোৰহাট জিলা উপায়ুক্তৰ যোগেদি আজি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নোহোৱা, শিক্ষকৰ পদ খালী থকা আৰু প্ৰতিবাদী হ’মিঅ’পেথিক ছাত্ৰ-ছাত্ৰীৰ ওপৰত যোৱা ২৮ ফেব্ৰুৱাৰিত দিচপুৰত আৰক্ষীৰ লাঠীচালনাৰ প্ৰতিবাদত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে যোৱা ৩ মাৰ্চৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট ঘোষণা কৰিছে।