NORTHEAST NOW (Assamese)
Popular Stories

সতীত্বৰ পৰীক্ষা! ৰামপুৰত এজন লোকে পত্নীৰ যৌনাংগ চিলালে এলুমিনিয়ামৰ তাঁৰেৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2021 8:43 pm
সতীত্বৰ পৰীক্ষা! ৰামপুৰত এজন লোকে পত্নীৰ যৌনাংগ চিলালে এলুমিনিয়ামৰ তাঁৰেৰে

উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত সংঘটিত হৈছৈ এটা নিকৃষ্ট ঘটনা।

এজন মানুহে নিজৰ পত্নীৰ যৌনাংগ এলুমিনিয়ামৰ তাঁৰেৰে চিলায় ‘সতীত্ব’ৰ পৰীক্ষা কৰে।

পত্নীয়ে কাৰোবাৰ স’তে বিবাহবহিৰ্ভূত সম্পৰ্ক ৰক্ষাৰ সন্দেহতে তেওঁ এই কাম কৰে।

পেচাত ড্ৰাইভাৰ মানুহজনে এইদৰে পত্নীৰ ‘আনুগত্য পৰীক্ষা’ কৰে।

প্ৰথমে পত্নীৰ হাত আৰু ভৰি বান্ধি লয়, তাৰপাছত যৌনাংগ চিলায় এলুমিনিয়ামৰ তাঁৰেৰে।

পত্নীৰ ৰক্তক্ষৰণ হোৱাৰ পাছতে মানুহজন তাৰ পৰা উধাও হয়।

তাৰপাছত, ২৪ বছৰীয়া পত্নীয়ে তাইৰ মাকক খবৰ দিয়ে, যি কাষৰ গাঁওখনতে বাস কৰে।

তাৰপাছতে মাকে তাইক কাষৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়।

তদুপৰি মিলাক আৰক্ষী থানাত এটা গোচৰ পঞ্জীয়ন কৰে।

আৰক্ষীৰ অনুৰোধমৰ্মে ৰামপুৰ জিলাৰ হস্পিতালত মানুহজনৰ পত্নীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

স্বাস্থ্য পৰীক্ষাত তাইৰ আঘাত গুৰুত্তৰ হিচাপে প্ৰমাণিত হয়।

কিছু পাছতে মানুহজনক আৰক্ষীয়ে আটক কৰে।

”মোৰ স্বামীয়ে মোক প্ৰায়ে কোনো কাৰণ নোহোৱাকৈ মাৰধৰ কৰে। তেওঁ সন্দেহ কৰে যে মই বিবাহবহিৰ্ভূত সম্পৰ্কত আছো আৰু মোক মোৰ সতীত্বৰ প্ৰমাণ খুজিলে। মই কল্পনাও কৰিব নোৱাৰিছিলো যে তেওঁ ইমানখিনি ভয়ংকৰ কাম কৰিব পাৰে।”- মানুহজনৰ পত্নীয়ে এইদৰে কয়।

আৰক্ষীয়ে কয় যে মানুহজনে দুবছৰ পূৰ্বে তেওঁৰ পত্নীৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ সন্তানে জন্ম লাভ কৰাৰ পাছতে সন্তানটোৰ মৃত্যু হৈছিল।