NORTHEAST NOW (Assamese)
Popular Stories

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ নতুন সভানেত্ৰী হিচাপে হৈছে নিৰ্বাচিত সীমা মুস্তাফা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 12:29 pm
index.jpgll

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ নতুন সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে সীমা মুস্তাফা।

যোৱা ১৬ অক্টোবৰত অনলাইন যোগে অনুষ্ঠিত হোৱা ভোটিঙৰ গণনাৰ অন্তত শনিবাৰে নিশা সীমা মুস্তাফাক এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ নতুন সভানেত্ৰী হিচাপে ঘোষণা কৰা হয়।

দেশৰ সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সৰ্বোচ্চ সংগঠন এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ নতুন সভানেত্ৰীৰূপে নিৰ্বাচিত সীমা মুস্তাফা বৰ্তমান দ্য চিটিজেনৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

শনিবাৰে নিশা ঘোষণা কৰা ফলাফল অনুসৰি গীল্ডৰ সাধাৰণ সম্পাদক হিচাপে হাৰ্ডনিউজৰ সম্পাদক সঞ্জয় কাপুৰ, দ্য কাৰাভনৰ সম্পাদক অনন্ত নাথ কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে।

নতুন সভানেত্ৰী সীমা মুস্তাফাই গীল্ডৰ বৰ্তমানৰ সভাপতি তথা দ্য প্ৰিণ্টৰ মুখ্য সম্পাদক শেখৰ গুপ্তা, কাপুৰে বিজিনেছ ষ্টেণ্ডাৰ্ডৰ এডিটৰিয়েল ডাইৰেক্টৰ এ কে ভাট্টাচাৰ্য আৰু নাথে ৰেডিফ ডট কমৰ সম্পাদক শীলা ভট্টৰ পৰা দায়িত্ব গ্ৰহণ কৰিব।