NORTHEAST NOW (Assamese)
অসম

২৪ ঘণ্টাত গুৱাহাটীত পুনৰ কৰ’নাত আক্ৰান্ত ২৩৮ গৰাকী; ৰাজ্যত নতুনকৈ ৪৭৯গৰাকী আক্ৰান্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 3, 2020 6:55 am
COVID19-positive-1-1140x570-750x375-1

গুৱাহাটীত ২৪ ঘণ্টাৰ ভিতৰত  পুনৰ ২৩৮ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

সমগ্ৰ ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৪৭৯ গৰাকী লোক।

ৰাজ্যত ৯৪৩৪ লৈ বৃদ্ধি পালে কৰ’না আক্ৰান্তৰ সংখ্যা।

অসমত ৬০১৬ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৩১১ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে নিশাৰ ভাগত ৩৮০ গৰাকী আৰু পুৱাৰ ভাগতো গুৱাহাটীতে ১২২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ আহিছিল ।

মঙ্গলবাৰৰ নিশা ১২ বজাত ৩৮০ গৰাকী আক্ৰান্ত হোৱাৰ খবৰ দিছিল মন্ত্ৰীগৰাকীয়ে।

মঙ্গলবাৰৰ দিনটোত ৰাজ্যত মুঠ ৬১৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা  এতিয়ালৈকে প্ৰায় ১৮০০ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত  সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰোপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।