NORTHEAST NOW (Assamese)
অসম

বলীউদৰ প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 7:30 am
Saroj-Khan-620x400

চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইত পৰলোকপ্ৰাপ্তি ঘটিছে।

যোৱা কিছুদিন ধৰি তেওঁ অসুস্থ আছিল আৰু তেওঁক বান্দ্ৰাস্থিত এখন হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

যোৱা মাজনিশাৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু শুকুৰবাৰে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২বছৰ।

সৰোজ খানক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে যোৱা ২০জুনত গুৰু নানক হাস্পাতলত ভৰ্তি কৰা হৈছিল।

হাস্পাতলত ভৰ্তি কৰাৰ পূৰ্বে তেওঁৰ কোভিড টেষ্ট কৰা হৈছিল আৰু তেওঁৰ ফলাফল নিগেটিভ আহিছিল।

চাৰি দশকজোৰা সুদীৰ্ঘ কেৰিয়াৰত সৰোজ খানে ২,০০০তকৈয়ো অধিক গানৰ কৰিঅ’গ্ৰাফী কৰিছিল।

সৰোজ খানে তেওঁৰ কৰিঅ’গ্ৰাফীৰ নৈপুণ্যতাৰ বাবে তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছিল।

সঞ্জয় লীলা ভাঞ্চালীৰ দেবদাস চলচ্চিত্ৰখনৰ ‘ডোলা-ৰে ডোলা’ গানটোত কৰা কৰিঅ’গ্ৰাফীৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

মৃত্যুৰ সময়ত সৰোজ খানে তেওঁৰ স্বামী, এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা এৰি থৈ গৈছে।