NORTHEAST NOW (Assamese)
Popular Stories

‘অপৰাধীৰ ওচৰত আত্মসমৰ্পণ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে’, অখিলেশ সিং যাদৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 11:18 am
index.jpga

সমাজবাদী পাৰ্টীৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে উত্তৰ প্ৰদেশ চৰকাৰে অপৰাধীৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

শনিবাৰে এই অভিযোগ উত্থাপন কৰি সিঙে লগতে কয় যে, অপৰাধীৰ ওচৰত ৰাজ্য চৰকাৰে আত্মসমৰ্পণ কৰাৰ বাবেই ৰাজ্যখনত মহিলাসকল সুৰক্ষিত নহয়।

“উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ভগ্নী-মাতৃসকলক নিৰাপত্তা দিব পৰা নাই। এই চৰকাৰখনে অপৰাধীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।” সমাজবাদী পাৰ্টিয়ে প্ৰকাশ কৰা এটা বিবৃতিত প্ৰাক্তন মুখ্যমন্ত্ৰী যাদৱে এইদৰে কয়।

যাদৱে লগতে কয় “ৰাজ্যখনৰ গাঁও, চহৰ ক’তোৱে আমাৰ কন্যা সন্তান, ভগ্নী আৰু মাতৃসকল সুৰক্ষিত নহয়।”

ৰাজ্যখন ‘বাৰ্বাৰিক হত্যা প্ৰদেশ’লৈ ৰূপান্তৰ হৈছে বুলিও মন্তব্য কৰিছে অখিলেশ সিং যাদৱে।

শনিবাৰে ৰাজ্যখনৰ মহিলা তথা ছোৱালীসকলৰ সুৰক্ষা আৰু সৱলীকৰণৰ বাবে মুকলি কৰা উত্তৰ প্ৰদেশ চৰকাৰৰ ‘শক্তি অভিযান’ৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে অখিলেশ সিং যাদৱে।

ৰাজ্যখন মহিলা তথা ছোৱালীসকলৰ বাবে ইমান অসুৰক্ষিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কেৱল জনপ্ৰিয়তা বৃদ্ধিৰ বাবে এনে অভিযানৰ প্ৰচাৰ আৰম্ভ কৰাৰ প্ৰসাংগিকতা ক’ত বুলিও তেওঁ প্ৰশ্ন কৰে।

ৰাজ্যখনৰ জনসাধাৰণৰ বিজেপি চৰকাৰ আৰু আৰক্ষীৰ ওপৰত থকা বিশ্বাস আৰু আস্থা দুয়োটাই হেৰুৱালে বুলি দাবী কৰি সমাজবাদী পাৰ্টিৰ অধ্যক্ষগৰাকীয়ে অভিযোগ কৰি কয় যে ৰাজ্যখনৰ বিভিন্ন জিলাত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই আছে।

তেওঁ লগতে কয় যে চৰকাৰ আৰু আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস হেৰুৱাৰ বাবেই হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালে ৰাজ্য এৰি অন্য ঠাইলৈ গুচি যাব খুজিছে।