NORTHEAST NOW (Assamese)
দেশ

গৃহহীনলৈ আশাৰ বতৰা: ৭৮,০০০ গৃহহীন পৰিয়ালৰ বাবে গৃহ নিৰ্মাণৰ ব্যৱস্থা দিল্লী চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 24, 2022 8:39 pm
Arvind Kejriwal

সমগ্ৰ দেশৰ ভিতৰতে নিজৰ কৰ্মৰাজিৰ জৰিয়তে অন্যতম সফল চৰকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰা দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ আপ চৰকাৰে এইবাৰ গৃহহীন লোকসকলৰ বাবে এটা অভিলাসী আঁচনিৰ পৰিকল্পনা কৰিছে।

মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা মতে, দিল্লীৰ বস্তি অঞ্চলত বাস কৰা ৭৮,০০০ গৃহহীন পৰিয়ালে চৰকাৰৰ পৰা স্থায়ীভাৱে একোটাকৈ ঘৰ লাভ কৰিব।

কেজৰিৱাল চৰকাৰৰ ‘জাহান ঝুগ্গী ৱাহাঁ মাকান’ আঁচনিৰ জৰিয়তে এই ব্যৱস্থা লোৱা হ’ব।

ইতিমধ্যে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে এই সম্পৰ্কত সংশ্লিষ্ট নিগম আৰু বিষয়াবৰ্গৰ স’তে বৈঠকত মিলিত হৈছে।

চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে, প্ৰথম পৰ্যায়ত ষোল্ল হেজাৰ গৃহহীন পৰিয়ালক লৈ এই আঁচনিখন প্ৰস্তুত কৰা হৈছে।

এই অনুসৰি তিনি বছৰৰ ভিতৰত গৃহহীন পৰিয়ালসমূহক একোটাকৈ পকী ঘৰ দিয়া হ’ব। ঘৰসমূহ পৰিয়ালসমূহে বাস কৰি অহা বস্তি অঞ্চলতে নিৰ্মাণ কৰা হ’ব।

উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি দিল্লীৰ ২২ মিলিয়ন জনসংখ্যাৰ ১.৮ মিলিয়ন লোকে বস্তি অঞ্চলত বাস কৰি আহিছে।

এই বস্তি অঞ্চলসমূহ আধুনিক শিক্ষা, স্বাস্থ্য, বিজুলী তথা আন্তঃগাঁঠনিৰ পৰা বঞ্চিত। এতিয়া এই বস্তি অঞ্চলসমূহত কেজৰিৱাল চৰকাৰে ঘৰ প্ৰদান কৰাৰ পৰিকল্পনাটোৱে সেয়ে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

তদুপৰি বিজেপিৰ হিন্দুত্ববাদী এজেণ্ডাৰ সলনি শিক্ষা, স্বাস্থ্যৰ দৰে বিষয়সমূহক প্ৰাধান্য দি জনকল্যানকামী চৰকাৰৰ উদাহৰণো দাঙি ধৰিবলৈ সক্ষম হৈছে দিল্লীৰ আপ চৰকাৰে।