NORTHEAST NOW (Assamese)
অসম

টীয়কত প্ৰচণ্ড ধুমুহা: বিস্তৰ ক্ষতি সাধন, ব্যাহত যাতায়ত আৰু বিদ্যুৎ সেৱা

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক March 24, 2022 8:51 pm
Storm

যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলত আজি বিয়লী ভাগত অহা প্ৰচণ্ড ধুমুহা-বৰষুণে অঞ্চলটোৰ ঠায়ে ঠায়ে বিস্তৰ ক্ষতি সাধন কৰে।

টীয়ক নগৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমুহতো ধুমুহাজাকে বিস্তৰ ক্ষতি কৰে। হঠাতে অহা বতাহজাকে কিছুসময় পিছতেই ধুমুহাৰ ৰূপ লয়।

ধুমুহাৰ সময়ছোৱাত স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা।

টীয়ক নগৰৰ মাজমজিয়াত থকা বহুসংখ্যক দোকান ঘৰৰ টিং পাত উৰুৱাই নিয়াৰ উপৰিও দৰ্জা খিৰিকী ভাঙি পৰে।

ধুমুহাত বহু লোকৰ ঘৰ ভাঙি পৰাৰ লগতে ঘৰৰ টিন পাত উৰোৱাই লৈ যায়।

টীয়ক জাতীয় বিদ্যালয়কে ধৰি বহু প্ৰতিষ্ঠানো এই ধুমুহাৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে।

আনহাতে ঠায়ে ঠায়ে বিদ‍্যুতৰ খুটা উভালি পৰাৰ লগতে গছ পৰাৰ ফলত বহু অঞ্চলত বিদ‍্যুৎ সেৱা ব‍্যাহত হৈ পৰে।