NORTHEAST NOW (Assamese)
অসম

কথা ৰাখিলে আলফা স্বাধীনে; মুকলি কৰি দিলে অপহৃত ৰিতুল শইকীয়াক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 11:57 am
Ritul-Saikia-750x375-1

শুকুৰবাৰে পুৱাই অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক আলফা স্বাধীনে মুকলি কৰি দিলে।

নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ চংচা বস্তীত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত ৰিতুল শইকীয়াক।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে আলফা স্বাধীনে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰীজনক মুকলি কৰি দিয়াৰ কথা সদৰী কৰিছিল।

এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য সম্পাদকলৈ ফোন কৰি পৰেশ বৰুৱাই কৈছিল, “২০০ শতাংশ গেৰাণ্টি! এদিনৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া ঘূৰি আহিব ঘৰলৈ।”

সেইদৰেই কথা ৰাখি এদিন পাছতে আজি আলফা স্বাধীনে মুকলি কৰি দিলে ৰিতুল শইকীয়াক।

ৰিতুল শইকীয়াৰ মুক্তিয়ে দীৰ্ঘদিন ধৰি চলি এক উৎকণ্ঠাৰ অৱসান ঘটিল।