NORTHEAST NOW (Assamese)
অসম

বিধানসভাত সকলো নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ; তিনিগৰাকী সদস্যই শপত ল’লে সংস্কৃতত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 1:07 pm
WhatsApp Image 2021-05-21 at 12.53.43 PM

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছে। প্ৰায় সকলো বিধায়ক আহি বিধানসভাত উপস্থিত আছে।

অধিৱেশনৰ প্ৰথমটো দিনত বিধানসভালৈ নতুনকৈ নিৰ্বাচিত হৈ অহা সদস্যসকলক প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰোৱায়।

শুকুৰবাৰে বিধানসভাত প্ৰথমতে মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে।

তেওঁৰ পাছতে শপত গ্ৰহণ কৰে ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৱেও বিধানসভাত শপত গ্ৰহণ কৰে।

বিধানসভাত এইবাৰ তিনিগৰাকী সদস্যই সংস্কৃতত শপত বাক্য পাঠ কৰে।

তেওঁলোক হ’ল ক্ৰমে হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া, নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা।

ইপিনে,পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে বড়ো ভাষাত শপত গ্ৰহণ কৰে।

আনহাতে, শপত গ্ৰহণত উপস্থিত নাথাকিল যমুনামুখ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ছিৰাজুদ্দিন আজমল।