NORTHEAST NOW (Assamese)
অসম

মাইক্ৰ’ ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব চৰকাৰে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা May 21, 2021 2:12 pm
WhatsApp Image 2021-05-21 at 12.25.25 PM

মাইক্ৰ’ ফাইনেন্সৰ ঋণ আৰু সুদ দুয়োটাই পৰিশোধ কৰিব চৰকাৰে। এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ভিতৰত অন্যতম প্ৰতিশ্ৰুতি হিচাপে আই মাতৃ সকলে লোৱা মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ পৰিশোধ মাফ কৰাৰ কথা উল্লেখ কৰা হৈছিল।

আৰু সেই মৰ্মেই নিৰ্বাচনৰ পাছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই মাইক্ৰ’ফাইনেন্সৰ ঋণ সমুহ চৰকাৰৰ ফালৰ পৰা পৰিশোধ কৰা হ’ব বুলি ঘোষণা কৰে।

বহু দিন ধৰি মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধ কৰাক লৈ সমগ্ৰ অসমতেই এক প্ৰতিবাদৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতেই এই ঋণ সমূহ চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰেই পালন কৰা দেখা পোৱা গৈছে।

এক বিশেষ কমিটি গঠন কৰা হ’ব এই ঋণ সমূহ পৰিশোধ কৰাৰ বাবে। কেনেকৈ আৰু কিমান পৰিমাণৰ কোৱাণ্টাম হ’ব সেইয়া নিৰ্ধাৰিত কৰি দিয়া কমিটিয়ে ব্যৱস্থা কৰিব।