NORTHEAST NOW (Assamese)
অসম

ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেচন’লিষ্ট এছ’চিয়েচনৰ ৰাষ্ট্ৰীয় অধিবেশনত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2022 1:14 pm

জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজত মানৱতাবাদৰ প্ৰতিষ্ঠা হয় আৰু মানৱতাবাদী ধাৰাৰ দ্বাৰাহে শান্তি প্ৰতিষ্ঠা হ’ব। শান্তি হ’ল প্ৰগতিৰ মূল। সেয়ে আমি  হিংসা, অন্ধবিশ্বাস, মানৱ অধিকাৰ উলংঘন কৰা কাৰ্য্য ৰোধ কৰি মানৱীয় দৃষ্টিকোণ, মানৱ প্ৰেমেৰে আৰু যুক্তিবাদী মানসিকতাৰে সমাজক আগুৱাই লৈ যাব লাগিব।

এই বক্তব্য অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ। শনিবাৰে পঞ্জাৱৰ বার্নালাৰ তৰ্কশিলা ভৱনত ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেচন’লিষ্ট এছ’চিয়েছনৰ দ্বাদশ ৰাষ্ট্ৰীয় অধিবেশনৰ প্ৰথম দিনাৰ অনুষ্ঠানত ভাগলৈ বিশিষ্ট অতিথিৰ ভাষণত ডঃ শইকীয়াই উক্ত বক্তব্য আগবঢ়ায়।

বহুকেইটা অন্ধবিশ্বাস বিৰোধী তথা যুক্তিবাদী  ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংগঠনৰ মূল সংগঠন ফেডাৰেশ্বন অফ ইণ্ডিয়ান ৰেষ্টন’লিষ্ট এছ’চিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি নৰেন্দ্ৰ নায়কৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট বিজ্ঞানী, পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ডঃ অৰ্ৱিন্দে।

সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ব্ৰিটেইনৰ হিওমেনিষ্ট ইন্টাৰনেচনেলৰ কাৰ্যবাহী সদস্য  উত্তম নিৰুলাই। মুখ্য অতিথিৰ ভাষণত উপাচাৰ্য প্ৰফেছৰ,ডঃ অৰ্ৱিন্দে কয় যে বিজ্ঞান মানেই ন ন আবিষ্কাৰ আৰু নতুনত্ব। যুক্তিবাদী মনৰ মানুহেহে সমাজ পৰিবৰ্তন কৰিব পাৰে।

দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় পাঁচ শতাধিক যুক্তিবাদী কাৰ্যকৰ্তা তথা সমৰ্থকে অংশগ্ৰহণ কৰা  উক্ত কার্যসূচীত ছিক্কিমকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা বিশিষ্ট অতিথি ডঃ দিব্যজ্যোতি শইকীয়াই লগতে কয় যে  ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৫১এ (এইচ) এ  ভাৰতীয়সকলক মৌলিক অধিকাৰ দিয়াৰ লগতে অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতি বিজ্ঞান শিক্ষাক অগ্ৰাধিকাৰ দিছে। যুক্তিৰে মানৱতাবাদী চিন্তাধাৰাৰে আগুৱাই  কৰ্মৰ যোগেৰে শান্তি প্ৰতিষ্ঠাৰ বাবে অগ্ৰসৰ হবৰ বাবেও সংবিধানৰ এই অনুচ্ছেদে আমাক অধিকাৰ দিছে। সেয়ে আমি ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰক সুপ্ৰয়োগ কৰিব লাগে।