NORTHEAST NOW (Assamese)
Popular Stories

‘ভাৰত জোড়ো যাত্ৰা’ত হাতত হাত ধৰি ৰাহুল গান্ধীৰ সৈতে ছবি; অৱশেষত মুখ খুলিলে অভিনেত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2022 1:57 pm

Poonam Kaur Clarifies why Rahul Gandhi held her ৰাহুল গান্ধীয়ে অভিনেত্ৰী পুনম কৌৰৰ হাতখন ধৰি আছে। শেহতীয়াকৈ বিজেপিয়ে এনে এখন ফটো পোষ্ট কৰি ৰাহুলক সমালোচনা কৰিছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ সৰৱ হৈ পৰিছে।

পুনমে গেৰুৱা শিবিৰক উপযুক্ত প্ৰত্যুত্তৰ দিছে। ৰাহুলে কিয় তেওঁৰ হাতত ধৰি আছিল তাৰো বাখ্যা দাঙি ধৰিছে অভিনেত্ৰীগৰাকীয়ে।

লগতে পঢ়ক: বিৰল ৰোগত আক্ৰান্ত অভিনেত্ৰী সামান্থা; ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে যন্ত্ৰণাৰ কথা

তেলেংগানাত কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়তে ঘটনাৰ সূত্ৰপাত। অভিনেত্ৰী পুনম কৌৰে ইয়াত অংশগ্ৰহণ কৰিছিল। তেওঁক তাত ৰাহুল গান্ধীৰ সৈতে দেখা গৈছিল। ভাইৰেল ছবিখনত ৰাহুলক সুন্দৰী অভিনেত্ৰীগৰাকীৰ হাত ধৰি থকা দেখা গৈছে।

বিজেপি নেত্ৰী প্ৰীতি গান্ধীয়ে ছবিখন টুইট কৰি ৰাহুলক সমালোচনা কৰিছিল। তেওঁ লিখিছিল, “ককাকৰ পদাংক অনুসৰণ কৰিছে।”

কংগ্ৰেছেও ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে। প্ৰীতি গান্ধী এজন অসুস্থ মানসিকতাৰ ব্যক্তি বুলি ওলোটাই প্ৰত্যুত্তৰ দিছে।

ইপিনে, অভিনেত্ৰী পুনম কৌৰেও প্ৰীতিক যোগ্য প্ৰত্যুত্তৰ দিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ পৰি যাবলৈ ধৰিছিল। আৰু সেই সময়তে ৰাহুল গান্ধীয়ে তেওঁক ৰক্ষা কৰে। এনে ধৰণৰ টুইটবোৰ মহিলা শক্তিৰ অপমানৰ বাহিৰে আন একো নহয়।

উল্লেখ্য যে দেৱালীৰ পিছত পুনৰ ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ হৈছে। কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণিৰ দিনা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক নাৰায়ণপেট আৰু ভদ্ৰাচলম জিলাত সম্পূৰ্ণ বেলেগ ৰূপত দেখা গৈছিল।

ৰাহুলক স্থানীয় মহিলা আৰু পুৰুষৰ সৈতে আদিবাসী ছন্দত কঁকাল নচুওৱাও দেখা গৈছে। স্থানীয় পৰম্পৰা অনুসৰি মূৰত লগোৱা হৈছিল শিঙ। ৰাহুলে তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা সেই ভিডিঅ’টোও পোষ্ট কৰিছে।