NORTHEAST NOW (Assamese)
অসম

ৰজাই হুকুম দিছে এদিম চেদিম বাই…শৈশৱৰ ধেমালিৰে উজ্জীৱিত শিৱসাগৰৰ ৰাজপথ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 24, 2021 4:29 pm

শিৱসাগৰৰ ৰাজপথত উজ্জীৱিত হল শৈশৱৰ ধেমালি, বিভিন্ন খেলা ধূলা, অসমৰ পৰম্পৰা তথা গ্ৰাম্য জীৱনৰ এখন নিখুঁত ছবি।

হয়, এই দৃশ্য শিৱসাগৰৰ ৰাজপথৰ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ উপলক্ষে আজি বাহিৰ কৰা এক সাংস্কৃতিক সমাৰোহ।

য’ত দেখিবলৈ পোৱা গ’ল সমনীয়াৰ লগত ঢকুৱাৰ গাড়ীত উঠি আনন্দ কৰা, লুকা চুৰি, ৰজাই হুকুম দিছে এদিম চেদিম বাইকে ধৰি অসমীয়া গ্ৰাম্য জীৱনত সততে দেখা ছবিখন আৰু ক্ৰমাৎ বিলুপ্তি হবলৈ ধৰা থলুৱা খেল ধেমালি প্ৰদৰ্শনেৰে পুনৰ উজলাই তুলিলে গ্ৰাম্য জীৱনৰ পুৰাতন ছবিক।

বেইৰ তলত কইনা নোওৱাৰ পৰা দৰা আদৰালৈকে অসমীয়াৰ বিয়াৰ পৰম্পৰা, ভোগালীৰ উৰুকাৰ মেজি সেকাৰ পৰা জাকৈ জুলুকি পল লৈ মাছ ধৰাৰ ঐতিহ্যলৈকে দেখা পোৱা গ’ল শিৱসাগৰৰ ৰাজপথত।

ইয়াৰোপৰি অনলাইন গেম পাপজিৰ কু প্ৰভাৱ বন্ধ হওঁক, কোভিডৰ ওপৰত সজাগতা, ভেকচিন প্ৰদান কৰিবলৈ গৈ চিকিৎসাকৰ্মীয়ে কেনে পৰিৱেশৰ সন্মুখীন হয় সেই দৃশ্যও উপস্থাপন কৰিছে শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে।

কৃত্ৰিমতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমীয়াৰ গ্ৰাম্য জীৱনৰ পৰম্পৰা, ঐতিহ্য, খেল ধেমালি আদিক নতুন প্ৰজন্মৰ মাজত চিনাকী কৰি দিয়াৰ যি প্ৰয়াস কৰিলে তাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাক সকলোৱে প্ৰশংসা কৰে।