NORTHEAST NOW (Assamese)
Popular Stories

শিলাদিত্যক ‘সীমা চেৰাই’ নাযাবলৈ সকীয়নি সভাপতি ৰঞ্জিত দাসৰ

Posted by: মানস প্ৰতিম গগৈ October 29, 2018 9:23 pm
Ranjit-Das

ৰাজ্যৰ কেইবাটাও বঙালী সংগঠনে আহ্বান জনোৱা প্ৰস্তাৱিত গণ-সমাৱেশ পাতিবলৈ অসম চৰকাৰে অনুমতি নিদিয়ে বুলি আজি পুনৰ ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মাৰ্ঘেৰিটাত পৃষ্ঠাপ্ৰমুখ নিযুক্তি সভাত ভাগ লৈ দাসে প্ৰস্তাৱিত গণ-সমাৱেশ সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় তেওঁ এইদৰে কয়।

তদুপৰি এই প্ৰসংগতে তেওঁ বিধায়ক শিলাদিত্য দেবৰ বক্তব্যৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ এক শতাংশও সমৰ্থন নাই বুলি উল্লেখ কৰি শিলাদিত্যক বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ ইতিমধ্যে সকীয়াই দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে ‘ইয়াতকৈ যদি তেওঁ সীমা চেৰাই যায়’ তেন্তে তেওঁৰ বিৰুদ্ধে সংসদীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰা হ’ব।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা সদৰ মণ্ডল আৰু ব্লক মণ্ডল সমিতিৰ উদ্যোগত তথা বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত মাৰ্ঘেৰিটা মহকুমাৰ ২১০ টা বুথৰ বাবে ২০ জনতকৈ অধিক ব্যক্তিক পৃষ্ঠা প্ৰমুখৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, সাংসদ ৰামেশ্বৰ তেলীকে ধৰি বহুকেইজন ৰাজ্যিক নেতা তথা মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰায় ৩ হেজাৰো অধিক বিজেপিৰ নেতা সদস্য উপস্থিত থকা আজিৰ সভাত প্ৰায় ৫০ জন লোকে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে ৷