NORTHEAST NOW (Assamese)
অসম

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা প্ৰতিবাদকাৰীৰ ওপৰত দমনমূলক কাৰ্যক গৰিহণা : কাৰায়ত্ত সকলৰ তাৎক্ষণিক মুক্তিৰ দাবী এছ এফ আই ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2025 8:49 pm

জুবিন গাৰ্গৰ মৃত্যুৰ  ন্যায় বিচাৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰা ৰাজ্যৰ বহুকেইজন নাগৰিকক গ্ৰেপ্তাৰ কৰা আৰু ৰাষ্ট্ৰদ্ৰোহৰ দৰে গোচৰ জাপি দিয়াৰ দৰে অসম চৰকাৰৰ স্বৈৰাচাৰী আৰু দমনমূলক কাৰ্যক এছ এফ আই  অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। গ্ৰেপ্তাৰ হোৱা সকলো ব্যক্তিক অতি শীঘ্ৰে আৰু বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী তুলিছে এছ এফ আই এ।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানত শামুকীয় গতি অৱলম্বন কৰা চৰকাৰখনে ন্যায়ৰ দাবী কৰা জনসাধাৰণৰ কণ্ঠ দমন কৰিবলৈহে যৎপৰোনাস্তি চেষ্টা কৰিছে।  আমাৰ সংবিধানত সন্নিৱিষ্ট প্ৰতিবাদৰ মৌলিক অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এয়া এক প্ৰত্যক্ষ আৰু নৃশংস আক্ৰমণ।

এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে সকীয়াই দিয়ে যে এনে ভয়-ভাবুকি সহ্য কৰা নহব। গ্ৰেপ্তাৰ আৰু ভাবুকিৰে অসমৰ জনতাক নীৰৱ কৰিব নোৱাৰিব। চৰকাৰে এই দমনমূলক কাৰ্য বন্ধ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ উচিত আৰু ক্ষীপ্ৰ ভাৱে তদন্ত কৰি প্ৰকৃত অপৰাধীক  উচিত শাস্তি প্ৰদান কৰক। যদি আটক কৰা ব্যক্তিসকলক অনতি পলমে মুক্তি দিয়া নহয়, তেন্তে এছ এফ আয়ে ৰাজ্যজুৰি এক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব।