NORTHEAST NOW (Assamese)
অসম

“আইনক নিজৰ কাম কৰিবলৈ দিয়ক” : জুবিন অনুৰাগীক হাতযোৰ কৰিলে গৰিমা শইকীয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2025 9:00 pm
“আইনক নিজৰ কাম কৰিবলৈ দিয়ক” : জুবিন অনুৰাগীক হাতযোৰ কৰিলে গৰিমা শইকীয়াই

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলক আইন হাতত তুলি নল’বলৈ আহ্বান জনাইছে।

আজি সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়াই কয়, “হাতত আইন তুলি নলব’লৈ আপোনালোকক অনুৰোধ জনাইছো। অনুগ্ৰহ কৰি আইনক নিজৰ কাম কৰিবলৈ দিয়ক।  অশান্তি আৰু বিশৃংখলতা অব্যাহত থাকিলে জুবিনৰ আদৰ্শ কত থাকিব?”

গৰিমা শইকীয়াই কয় যে জুবিনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি নিহিত হৈ আছে শান্তি ৰক্ষা কৰা আৰু আইনৰ যথাযথ প্ৰক্ৰিয়াক প্ৰাধান্য দিয়াত।

প্ৰসংগক্ৰমে, আজি সন্ধিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ লোক সকল যোৰহাটলৈ ৰাওনা হৈছে। যোৰহাটত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। ইতিমধ্যে যোৰহাটলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ মৃতদেহ ৰখা কফিন আৰু চিতাভস্ম। এই কফিন আৰু চিতাভস্মৰ আগতেই যোৰহাটবাসীয়ে গায়কজনক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।