NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ জনকল্যাণমুখী আঁচনিৰ খতিয়ান দাঙি ধৰি কলিয়াবৰ বিজেপিৰ সংবাদমেল

Posted by: এন ই নাও নিউজ June 26, 2018 10:39 pm
BJP press meet at samaguri

ৰাজ্যত বিজেপি মিত্ৰজোঁট চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে চৰকাৰে লোৱা উন্নয়নমূলক জনকল্যাণমুখী কামৰ খতিয়ান দাঙি ধৰিবলৈ আজি নগাঁৱৰ চামগুৰিত এক সংবাদমেল আয়োজন কৰে।

বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত চামগুৰি মেঘৰঞ্জনী ধাবাত আয়োজিত আৰু কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়া আৰু সাধাৰণ সম্পাদক বিৰাজ নন্দীয়ে উদ্দেশ্য বাখ্যা কৰা এই সংবাদমেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা তিতাবৰ সমষ্টিৰ প্ৰাক্তণ বিধায়ক হেমন্ত কলিতাই চৰকাৰৰ জনকল্যাণমুলক কামৰ খতিয়ান দাঙি ধৰে।

এই আঁচনি সমূহৰ ভিতৰত উজ্বলা আঁচনিৰ অধীনত নগাঁও জিলাত ১লাখ ২২হাজাৰ ৬২৫টা পৰিয়াললৈ এল পি জি সংযোগ, পি এম জি এছ ৱাই আঁচনিৰ অধীনত জিলাখনত ১০হাজাৰ ২২৬টা গৃহ নিৰ্মাণ, অনুসূচিত জাতিৰ লোকসকললৈ ১৭০৪খন কৈ ট্ৰেক্টৰ/পাৱাৰটিলাৰ প্ৰদানকে ধৰি বহু কাম কৰা হৈছে বুলি তেওঁ কয়।

তদুপৰি অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে দুখনকৈ আদৰ্শ গাঁও স্থাপনৰ বাবে ১২৬ কোটি ধাৰ্য্য কৰাৰ লগতে সংখ্যালঘু অধ্যুষিত এলেকাত ২১ খন কৈ আদৰ্শ আবাসিক বিদ্যালয় স্থাপন আৰু মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ অধীনত প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয়েৰে ৰাজহ গাঁওসমূহ উন্নয়নৰ পদক্ষেপ লোৱা হৈছে বুলিও তেওঁ সদৰী কৰে।

সংবাদমেলৰ শেষত সাংবাদিকে চামগুৰিত থকা অব্যৱহৃত ট্ৰ’মা চেণ্টাৰৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত হেমন্ত কলিতাই কয় যে নিজৰ ৰাজনৈতিক আধিপত্য বিস্তাৰৰ ফলত সৃষ্টি হোৱা ৰাজ্যৰ দ্বিতীয়টো ট্ৰ’মা চেণ্টাৰৰ আন্তঃগাঁঠনি নোহোৱাকৈ কেৱল মাত্ৰ গৃহ নিৰ্মাণ কৰাৰ বাবেই আজি এই ট্ৰ’মা চেণ্টাৰটো পৰিত্যক্তত অৱস্থাত আছে।

আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলে খেলিবলৈ বিজেপি সাজু আছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই সংবাদমেলত কলিয়াবৰ জিলাৰ বিজেপিৰ উপ-সভাপতি কিশোৰ কৰ্মকাৰ, কোষাধ্যক্ষ জ্ঞানদীপ মহন্ত আৰু বাজিয়াগাও মণ্ডলৰ সভাপতি বিৰেণ শইকীয়া উপস্থিত আছিল।