NORTHEAST NOW (Assamese)
অসম

২০১৯ চনৰ নিৰ্বাচনত ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিব বিজেপিয়ে : অমিত শ্বাহ

Posted by: বিশেষ সংবাদদাতা December 24, 2018 3:00 pm
We will provide Hindi training classes for people of NE, Says Amit Shah

২৩ ডিচেম্বৰ দেওবাৰে বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ এখন সভাত ভাষণ দি দলীয় সভাপতি অমিত শ্বাহে উদাত্ত কণ্ঠেৰে ঘোষণা কৰিছে,  ‘‘কোহিমাৰ পৰা কচ্চ আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰী পৰ্যন্ত সমস্ত অনুপ্ৰৱেশকাৰীকেই বিতাড়িত কৰা হ’ব।ভাৰতত এনআৰচিৰ পৰা বাদ পৰা সকলৰ বাবে কোনো স্থান নাই।’’

শ্বাহে ইংগিত দিছে যে যদিহে বিজেপিয়ে ২০১৯ চনত পুনৰ ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে সমগ্ৰ দেশ ব্যাপি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ এটা অভিযান আৰম্ভ কৰিব।

বিজেপিৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কয় যে গান্ধীয়ে এনআৰচিৰ পৰা বাদ পৰা সকলক ৰক্ষণাৱেক্ষণ দিব বিচাৰিছে।

কংগ্ৰেছক পোনপটীয়াভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈ শ্বাহে কৈছে, ‘‘ৰাহুল বাবা আৰু তেওঁৰ সাংগোপাংগোসকলে এনআৰচিৰ পৰা বাদ পৰা সকলক লৈ ইমান উদ্বিগ্ন হৈ পৰিছে কিয়? এই লোকসকল ক’ত থাকিব সেই সন্দৰ্ভত তেওঁৰ ইমান চিন্তা কিহৰ? তেওঁ স্পষ্টকৈ কয় যে এনআৰচিৰ পৰা বাদ পৰা সকল বিজেপিৰ ভোটবেংক নাছিল।

উল্লেখ্য যে অমিত শ্বাহে এনআৰচিৰ পৰা বাদ পৰা সকলকে ধৰি সকলো অবৈধ নাগৰিককেই বিতাড়িত কৰিব বুলি হুমকি দিয়াটোৱে অসমত বাস কৰা হিন্দু বাংলাদেশীসকলক হতচকিত কৰি তুলিছে। নাগৰিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে বিজেপিৰ ওপৰত বিশ্বাস ৰাখিছিল। এনআৰচিৰ পৰা বাদ পৰা বাঙালী মূলৰ মুছলিমসকলৰ তুলনাত হিন্দুসকলৰ সংখ্যা অধিক বুলি কোৱা হৈছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানে যে ইয়ে বিজেপি দলক বাঙালী হিন্দুসকলৰ মাজত জনপ্ৰিয়তা হেৰুৱাব পাৰে আৰু সেয়েহে বিজেপিৰ দিল্লীস্থিত প্ৰধান কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকে এনআৰচি সম্পৰ্কে সোধা প্ৰশ্ন তেওঁ এৰাই গৈছে।

কিন্তু শ্বাহে এই ক্ষেত্ৰত বিশেষ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই। কাৰণ, তেওঁ অতি কৌশলপূৰ্ণভাৱে আন আন কাৰকসমূহক উত্তেজিত নকৰাকৈ সমগ্ৰ ভাৰততে হিন্দুৰ সমৰ্থন শক্তিশালী কৰাৰ বাবে অনুপ্ৰৱেশ বিষয়টোক ব্যৱহাৰ কৰিব বিচাৰিছে।

পশ্চিমবংগৰ শাসনাধিষ্ঠ তৃণমূল চৰকাৰে অমিত শ্বাহৰ মন্তব্যক বাঙালী বিৰোধী বুলি কৈছে। তৃণমূল কংগ্ৰেছৰ সাংসদ কাকলি ঘোষ দস্তিদাৰে কৈছে যে অসমৰ এনআৰচিৰ পৰা মুছলিমতকৈ অধিক হিন্দু বাঙালীহে বিতাড়িত হৈছে আৰু বিজেপিয়ে তেওঁলোকক নাগৰিকত্ব দিব বুলি প্ৰতিশ্ৰুতি দি এতিয়া তেওঁলোকক অনুপ্ৰৱেশকাৰী হিচাপে আখ্যায়িত কৰিছে।তেওঁ কৈছে যে তেওঁৰ দল এনআৰচিৰ পৰা বাদ পৰা সকলক নাগৰিকত্ব প্ৰদানৰ পক্ষত আছে।