NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত বনৰীয়া হাতীৰ উপদ্ৰৱত প্ৰাণ গ’ল এজনৰ

Posted by: নীলমণি শৰ্মা December 24, 2018 4:13 pm
Wild elephant attack

ৰাজ্যখনত দিনক দিনে হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰন কৰিছে। আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ ৰংজুলি, দৰংগিৰি, ধুপধৰা, আগিয়া, কৃষ্ণাই, দহিকটা আদি অঞ্চলত দীৰ্ঘদিন ধৰি খাদ্যৰ সন্ধানত মেঘালয়ৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাকে ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

প্ৰাপ্ত তথ্য মতে যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমনত জিলাখনৰ বৰজুলি-লালাবড়ীত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাব লগা হয়। নিহত মহিলাগৰাকীক অঞ্চলটোৰে বাসিন্দা ছায়া ৰাভা বুলি চিনাক্ত কৰা হৈছে। আনহাতে হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও বাসগৃহটো উপদ্ৰৱ চলাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ এটা জাকে লালাবড়ী, বৰজুলি, হাৰিমূৰা, দহিকটা আদি অঞ্চলত উপদ্ৰৱ চলাই থকাৰ পিছতো বন বিভাগে হাতীৰ জাকটোক পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।