NORTHEAST NOW (Assamese)
অসম

ঘৰৰ পৰাই কৰিব পাৰিব বজাৰ! : মন্দিয়াৰ যুৱকে উদ্ভাৱন কৰিছে এক মোবাইল এপ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস July 23, 2020 6:59 am
index.jpgk

বৰ্তমান টেকন’লজিৰ যুগ৷

আমি সকলোৱে কম বেছি পৰিমাণে আৱদ্ধ টেকন’লজিৰ মাজত।

টেকনলজিৰ যুগত এতিয়া বহু কাম ঘৰত বহিয়েই কৰিব পৰা সক্ষম হৈছে৷

ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলাৰ মন্দিয়া এগৰাকী যুৱকে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ৷

মন্দিয়াৰ ৰুহুল আমিন নামৰ যুৱক গৰাকী নিজেই তৈয়াৰ কৰিছে এটি মোবাইল এপ্লিকেচন(এপ)৷

মন্দিয়া কপোহা নিবাসী ৰুহুল আমিনে তৈয়াৰ কৰা এই এপটোৰ জৰিয়তে ঘৰতে বহি বজাৰ কৰিব পৰা যাব৷

“ইজি ডীল” নামৰ এই মোবাইল এপটো মোবাইলৰ প্লেষ্টৰৰ পৰা ডাউনলোড কৰি এই এপ্লিকেচনৰ জৰিয়তে ৰাইজে নিজৰ মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি জানিবলৈ দিয়ে যুৱকজনে।

ক’ৰ’না মহামাৰী সংক্ৰমণ ৰোধৰ বাবে বলবৎ কৰা লকডাউনৰ ফলত একপ্ৰকাৰ গৃহবন্দী হোৱা লোকসকলৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিছে ৰুহুল আমিনে তৈয়াৰ কৰা “ইজি ডীল” নামৰ মোবাইল এপ্লিকেচনটোৱে।