NORTHEAST NOW (Assamese)
অসম

কিছু সকাহ! : ৰাজ্যত এই দুটা দিনত আপুনি কৰিব পাৰিব অন্য জিলালৈ ভ্ৰমণ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 23, 2020 6:42 am
images (3)

ক’ৰ’ণাতংকৰ মাজতে ৰাজ্য বাসীলৈ কিছু সকাহ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

ক’ৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অহা ১২ আগষ্টলৈকে আন্তঃ জিলা যাতায়াত বন্ধ ৰাখিছিল ৰাজ্য চৰকাৰে।

অৱশ্যে ইয়াৰ মাজতে দুটা দিনৰ বাবে আনিছে শিথিলতা।

অহা ৩০ আৰু ৩১ জুলাইত ৰাজ্যত কোনো লোকে কৰিব পাৰিব আন্তঃজিলা যাতায়াত।

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নিৰ্দেশনাযোগে জনাইছে এই কথা।

উল্লেখযোগ্য যে, কোভিডৰ সন্ত্ৰাসৰ বাবে ২২ জুলাইৰ পৰা ৰাজ্যত আন্তঃজিলা যাতায়ত বন্ধ কৰিছিল ৰাজ্য চৰকাৰে।

অৱশ্যে এই সময়ত কোনো লোকে কন্টেইনমেন্ট জ’নলৈ যাত্ৰা কৰিব নোৱাৰিব।

এই দুটা দিনত বাহনসমূহক সামাজিক দূৰত্ব বৰ্তাই ৰাখি যাত্ৰী কঢ়িওৱা বা যাত্ৰা কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিবে।