NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা শুৱাবলৈ এতিয়াও অহা নাই শীতৰ অতিথি ধৃতৰাজ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 31, 2018 11:00 pm
kaziranga

প্ৰিয় ঠাই কাজিৰঙালৈ এতিয়াও আগমণ ঘটা নাই শীতৰ অতিথি ধৃতৰাজ চৰাইৰ। অক্টোবৰৰ শেষলৈকে চিনাকী চৰাইবিধে ভুমুকি নমৰাত চিন্তিত হৈ পৰিছে পৰিৱেশপ্ৰেমীসকল।

ক’ৰবাত দুই এটা ধৃতৰাজ চৰাই দেখিলেও জাককৈ এই চৰাই এতিয়াও আহি নোপোৱাৰ কাৰণ জলবায়ু পৰিৱৰ্তনো হ’ব পাৰে বুলি মন্তব্য কৰিছে গৱেষকে৷

কাজিৰঙাৰ চহলা, বৰবিল, ডাফলাং, ক’লা দুৱাৰ আদি বিভিন্ন জলাশয় আৰু বিল শুৱনি কৰি শীতৰ লগে লগে দেখা পোৱা যায় জাক জাক ধৃতৰাজ৷

কাজিৰঙাৰ পৰ্য্যটকৰ বাবেও ধৃতৰাজ চৰাই অন্যতম আকৰ্ষণ৷

শীতৰ আগমণৰ লগে লগে দক্ষিণ এচিয়াৰ বিভিন্ন দেশৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহে ধৃতৰাজ চৰাই৷

গ্ৰীষ্মকালত চীনদেশৰ মধ্যভাগৰ কিংহাই আদি প্ৰদেশত বাস কৰা এই চৰাই বিধক বিশ্বৰ ভিতৰতে অতি উচ্চতাৰে প্ৰব্ৰজন কৰা চৰাই বুলি কোৱা হয়৷ শীতকালত হিমালয়ৰ অতি উচ্চ শিখৰ অতিক্ৰমি ব্ৰহ্মপুত্ৰ উপত্যকা পায়হি এই চৰাইবিধ৷