NORTHEAST NOW (Assamese)
অসম

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে শিৱসাগৰত ‘সংহতি দৌৰ’

Posted by: পাৰ্শ্বজ্যোতি গগৈ November 1, 2018 7:06 am
IMG-20181031-WA0002

বুধবাৰে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ তম জন্মদিৱসৰ লগত সংগতি ৰাখি পালন কৰা  ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘সংহতি দৌৰ’ ৰ আয়োজন কৰা হয়।

পুৱা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হোৱা ‘সংহতি দৌৰ’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই। ‘সংহতি দৌৰ’ত জিলা উপায়ুক্তৰ লগতে উপস্থিত থাকে জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, জিলা উন্নয়ন আয়ুক্ত নৱাব আলহাজ আলি, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বহুকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ- ছাত্ৰী।

আনহাতে ইয়াৰ উপৰি বুধবাৰে জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা ভৱনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ মৃত্যু দিৱস উপলক্ষে “ৰাষ্ট্ৰীয় সংকল্প দিৱস” কাৰ্যসূচী অনুষ্ঠিত হয়।

এই সংকল্প দিৱস উপলক্ষে অনুষ্ঠিত এখন সভাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই বিভন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক ৰাষ্ট্ৰীয় সংকল্প দিৱসৰ শপত বাক্য পাঠ কৰায়।