NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং August 13, 2020 7:11 pm

ধুবুৰী আৰক্ষীয়ে অভিযান চলাই ১০ লাখ টকাৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে ট্ৰাক চালক গৰাকীক আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত ট্ৰাক চালক গৰাকী মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বাসী গাঁৱৰ ৰাম চৰণৰ পুত্ৰ বিকাশ কুমাৰ বুলি চিনাক্ত কৰা হয়।

আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হ’ল এম এইচ ৪৮ এ ওৱাই।

আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ঘাঁহৰ তলত লুকাই অনা অৱস্থাত ২০০ কাৰ্টন অবৈধ সুৰা জব্দ কৰে।

জব্দ হোৱা অবৈধ সুৰা কঢ়িওৱা ট্ৰাকখন কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ পৰা আহি আছিল।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে গৌৰীপুৰৰ ওচৰত এক পহৰা চকী স্থাপন কৰে আৰু এম এইচ ৪৮ এ ওৱাই ৯৫৩১ ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

গৌৰীপুৰ আৰক্ষীয়ে নিৰ্দিষ্ট আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা ট্ৰাক চালক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।