NORTHEAST NOW (Assamese)
অসম

সংবাদ প্ৰতিষ্ঠান পি টি আইৰ জ্যেষ্ঠ সাংবাদিকৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 7:03 pm
Bureau-Chief-Of-PTI

দেশৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান পিটিআইৰ জ্যেষ্ঠ সাংবাদিক তথা ৰাঁচীৰ ব্যুৰো চীফ পি ভি ৰামানুজমৰ মৃতদেহ বৃহস্পতিবাৰে উদ্ধাৰ হৈছে।

আৰক্ষীৰ মতে ৰামানুজমক তেওঁৰ কাৰ্যালয় ও আৱাসৰ চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

বাতৰি অনুসৰি, সাংবাদিকগৰাকীৰ সতীৰ্থই জানিবলৈ দিয়া মতে বিগত কিছুদিন ধৰি তেওঁ মানসিক চাপত ভূগি আছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু পুত্ৰক এৰি থৈ গৈছে।

ৰাঁচীৰ পিটিআই কাৰ্যালয়টো ৰাজভৱনৰ সমীপত থকা এটা চৰকাৰী বিল্ডিঙৰ ভিতৰত আছিল।

বুধবাৰে নিশা ৰামানুজনক শেষবাৰৰ বাবে তেওঁৰ কাৰ্যালয়ৰ পৰা যোৱা দেখা গৈছিল। ইয়াৰ পাছতে বৃহস্পতিবাৰে পুৱা তেওঁৰ পত্নীয়ে তেওঁক ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি ৰাঁচী প্ৰেছ ক্লাৱৰ এগৰাকী সদস্যই কয় যে ৰামানুজম এগৰাকী অতি সহজ সৰল ব্যক্তি আছিল। তেওঁৰ মৃত্যু সংবাদ জগতৰ বাবে চকু মুকলি কৰিবলগীয়া ঘটনা।

ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী হেমন্ত ছোৰেনে ৰামানুজমৰ অস্বাভাৱিক মৃত্যুত শোক প্ৰকাশ কৰিছে।

শুকুৰবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।