NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত দোকানৰ ভিতৰত যুৱকক চুৰিৰে হানি-খুচি হত্যা; cctvত বন্দী সমগ্ৰ ঘটনা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 12, 2020 7:25 pm
গুৱাহাটীত দোকানৰ ভিতৰত যুৱকক চুৰিৰে হানি-খুচি হত্যা; cctvত বন্দী সমগ্ৰ ঘটনা

গুৱাহাটীৰ নুনমাটিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দিন দুপৰতে চুৰিৰে আঘাট কৰি এজন যুৱকক হত্যা কৰা হয়।

নুনমাটিস্থিত আৰমাণ্ড হোম ফাৰ্নিছিং নামৰ দোকানখনৰ সন্মুখত সংঘটিত হয় এই নৃশংস ঘটনা।

নিহত যুৱকজনক গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপৰ নিবাসী ৰিতুপৰ্ণ পেগু (২৭) বুলি চিনাক্ত কৰা হৈছে।

সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা ফাৰ্নিচাৰ দোকানখনত থকা cctvত বন্দী হৈ আছে। cctv ফুটেজত নিহত যুৱকজন আৰু অচিনাক্ত তিনিজন যুৱকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা দেখা যায়।

পিছত চুৰীৰ আঘাতত ৰাজপথতে ঢলি পৰে ৰিতুপৰ্ণ পেগু।

গুৰুতৰভাবে আঘাতপ্ৰাপ্ত অৱস্থাত নুনমাটি আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত যুৱকজনক হাস্পাতাললৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে দোকানখনৰ মালিক আৰমাণ্ড আলী আৰু কৰ্মচাৰী হুছেইন আলীক আটক কৰি জেৰা চলাই থকাৰ লগতে cctv ফুটেজ পৰীক্ষা কৰি আছে।