NORTHEAST NOW (Assamese)
অসম

১৯ লাখৰ মাজত বাংলাদেশী নাই!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2019 9:22 pm
ak_abdul_momen "I don't think those excluded are Bangladeshi'': Bangladesh Foreign minister on Assam NRC

অসমৰ এন আৰ চি বহিৰ্ভূতৰ মাজত নাই বাংলাদেশী!

এন আৰ চি প্ৰকাশৰ সন্ধিক্ষণত তাৎপৰ্য্যপূৰ্ণৰূপে বিবেচিত হ’ব পৰা এই ইংগিত দিছে বাংলাদেশী পৰৰাষ্ট্ৰ মন্ত্ৰীয়ে।

“মোৰ মনে নকয় যে তেওঁলোক বাংলাদেশী,” অসমৰ এন আৰ চি বহিৰ্ভূতৰ সন্দৰ্ভত পৰৰাষ্ট্ৰ মন্ত্ৰী এ কে আব্দুল মোমেনৰ মন্তব্যৰ এই উদ্ধৃতি বাংলাদেশী সংবাদ প্ৰতিষ্ঠান দ ডেইলি ষ্টাৰৰ।

অসমত “বাংলাদেশী/ ৰাষ্ট্ৰহীন লোক/ বিদেশী”ক লৈ ৰাজ্যিক-দেশী-আন্তঃৰাষ্ট্ৰীয় মহল ব্যস্ত থকাৰ সময়তে মন্ত্ৰীজনৰ মন্তব্যত প্ৰকাশ পাইছে সমস্যাটোৰ জটিল বহুমাত্ৰিকতা।

অসমৰ বৰ্তমানৰ এন আৰ চিৰ ভিত্তি অসম আন্দোলনৰ শ্ল’গান আছিল বিদেশী “চিনাক্তকৰণ, অপসৰণ, বিতাড়ন” (detection, deletion, deportation)।

কিন্তু, এন আৰ চিৰে অসম চুক্তিৰ ৰূপায়ণ এঢাপ আগুৱাব বুলি চলা আশাৰ পৰত বাংলাদেশী মন্ত্ৰীজনে ইয়াক ভাৰতৰ “অভ্যন্তৰীণ বিষয়”ৰূপে অভিহিত কৰিছে।

আব্দুল মোমেনে প্ৰসংগৰূপে আঙুলিয়াইছে শেহতীয়া বাংলাদেশ ভ্ৰমণৰ সময়ত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আগবঢ়োৱা মন্তব্যলৈ।

“ভাৰতৰ পৰৰাষ্ট্র মন্ত্রী এছ জয়শঙ্কৰে আমাক কৈছিল যে এইটো পূৰাপূৰি ভাৰতৰ অভ্যন্তৰীণ বিষয় আৰু বাংলাদেশৰ ইয়াক লৈ উদ্বিগ্ন হোৱাৰ কাৰণ নাই। তেওঁ আৰু কৈছিল যে কোনো পৰিস্থিতিতেই বাংলাদেশৰ একো ক্ষতি নহ’ব। সেয়ে আমি বিষয়টো তেনেকৈয়ে চাইছো,” বল ভাৰতৰ ক’ৰ্টলৈ ঠেলি বাংলা মন্ত্ৰী।

মন্ত্ৰীজনে লগতে কয় যে বাদ পৰা লোকসকলক যদি বাংলাদেশৰ পৰা আহিছেও তেন্তে তেওঁলোক ১৯৪৭ বা ১৯৭১ চনৰ আগত অহা। “ইমান বছৰ ধৰি তেওঁলোকে তাতে বাস কৰিছে,” তেওঁ কয়।

মোমেনৰ মতে, ভাৰতলৈ বাংলাদেশী অহাৰ এতিয়া আৰু কোনো কাৰণ নাই।

কাৰণ, “বাংলাদেশে অনেক উন্নতি কৰিছে।…বাংলাদেশত জনমূৰি আয় জীৱনমানৰ খৰচতকৈ তুলনামূলকভাৱে বেছি,” তেওঁ কয়। “মই নাজানো, তেওঁলোকে কিদৰে এই সংখ্যাটো বাহিৰ কৰিছে।”

দীৰ্ঘদিনধৰি বিদেশী, মূলতঃ বাংলাদেশী সমস্যাই, অসমৰ অভ্যন্তৰীণ ৰাজনীতি নিয়ন্ত্ৰণ কৰি অহাৰ বিপৰীতে চুবুৰীয়া “বন্ধু” ৰাষ্ট্ৰখনৰ লগত ভাৰতৰ অদ্যপি কোনো “প্ৰত্যৰ্পণ চুক্তি” নাই।

সদৌ অসম ছাত্ৰ সন্থাক মুখ্য কৰি অসমৰ একাংশ দল-সংগঠনে দীৰ্ঘদিন ধৰি বাংলাদেশৰ সৈতে “প্ৰত্যৰ্পণ চুক্তি” স্বাক্ষৰ কৰাৰ বাবে ভাৰত চৰকাৰক দাবী জনাই আহিছে।

নতুন দিল্লীত শেহতীয়াকৈ দুয়ো দেশৰ গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে বাংলাদেশৰ পৰা “নথিহীনভাৱে সীমান্ত পাৰ হোৱা” বিষয়টো উত্থাপন কৰিছিল।

শনিবাৰে প্ৰকাশিত অসমৰ চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিবিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ  ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত  ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।