NORTHEAST NOW (Assamese)
অসম

চূড়ান্ত এন আৰ চিক লৈ সন্তুষ্ট নহয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰা

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 31, 2019 9:30 pm
চূড়ান্ত এন আৰ চিক লৈ সন্তুষ্ট নহয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰা

অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ এন আৰ চিক লৈ সন্তুষ্টিৰ বিপৰীতে এন আৰ চিক লৈ সন্তুষ্ট নহয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰা।

আজি আমবাৰীত অগপৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি অগপৰ সভাপতি অতুল বৰাই বিজেপিৰ সুৰতে সুৰ মিলাই চূড়ান্ত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

আজি প্ৰকাশতি এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকৰ যি সংখ্যা তাক লৈও সন্তুষ্ট নহয় অগপ সভাপতি গৰাকী। তেওঁৰ মতে ইয়াৰ পৰিমাণ ১৯ লাখতকৈ বেছি হ’ব লাগিছিল।

বাৰই কয় যে এন আৰ চিৰ বাবে অসমৰ বহু বিষয়া-কৰ্মচাৰী এন আৰ চি কামত যাব লগা হোৱাত অসমৰ উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতো অসমৰ ৰাইজে আশা কৰিছিল এখন বিদেশীমুক্ত এন আৰ চি প্ৰকাশ পাব বুলি।

কিন্তু আজি এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা সংখ্যাক লৈ তেওঁলোক একেবাৰেই সন্তুষ্ট নহয় বুলি অগপ সভাপতি গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

লগতে যি সকল বৈধ ভাৰতীয়ৰ নাম এন আৰ চি চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে তেওঁলোকক আইনী সাহায্য আগবঢ়াব আৰু এই কাম অগপৰ আইনী কোষে কৰিব বুলি বৰাই উল্লেখ কৰে।