NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ৯ বছৰীয়া কিশোৰী ধৰ্ষণৰ অভিযুক্তক জে’ললৈ প্ৰেৰণ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 31, 2019 10:14 pm
যৌন নিৰ্যাতন

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীত এগৰাকী ৯ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন ৫৫ বছৰীয়া ব্যক্তিক আৰক্ষীয়ে আটক কৰি আজি জে’ললৈ প্ৰেৰণ কৰে।

ধৃত ব্যক্তিজনক ৰমেন দাস বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাটো সংঘটিত লেখাপানী আৰক্ষী থানা অন্তৰ্গত লেখাপানী এম ই এছ কলনিত।

জানিব পৰা মতে কলনিৰে কৰ্মচাৰী ৰমেন দাসে ৩০ আগষ্টৰ নিশা সমীপৰে এগৰাকী  ৯ কিশোৰীক আন্ধাৰৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা চলায়।

পিছত কিশোৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰতা পৰিয়ালৰ লোকে লম্পট ৰমেনক হাতে-লোটে ধৰি উত্তম-মধ্যস সোধায় লেখাপানী আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীৰ জেৰাত ধৃত ৰমেন কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱা বুলি স্বীকাৰ কৰে। লেখাপানী আৰক্ষীয়ে ১১৬/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইন U/S 376 আৰু R/W section 6POCSOৰ অধীনত ৰুজু কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।