NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবৰ লোকসংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটীত অনুষ্ঠিত হ’ব ‘সমন্বয়, দা এথেনিক মিট’

Posted by: কল্পজ্যোতি শইকীয়া April 8, 2018 9:33 pm
উত্তৰ-পূবৰ লোকসংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটীত অনুষ্ঠিত হ’ব ‘সমন্বয়, দা এথেনিক মিট’

নৰ্থ ইষ্ট ইণ্ডিয়া ফ’কল’ৰ কালচাৰেল ভাইবছে খানাপাৰাৰ গণেশ মন্দিৰ খেলপথাৰত অহা ১৯-২৩ এপ্ৰিললৈ ৫ দিনীয়া কাৰ্য্যসূচীৰে ‘সমন্বয়, দা এথেনিক মিট’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে।

সেই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সংস্থাটোৰ সভানেত্ৰী শাশ্বতী বৰদলৈয়ে কয় যে উত্তৰ-পূবৰ সকলো জাতি-জনজাতিৰ ভিন্ন পৰম্পৰা তথা লোকসংস্কৃতিক একত্ৰিত কৰি বিশ্ব দৰবাৰত ডাঙি ধৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে।

উত্তৰ-পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ, ভাৰতীয় সাংস্কৃতিক সমন্ধ পৰিষদৰ সমৰ্থনত এন ই আই এফ এ চি ভিয়ে আয়োজন কৰা উক্ত অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে নিজৰ হস্তনিৰ্মিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা লগতে বিক্ৰীও কৰিব পাৰিব।

আনহাতে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ২২ এপ্ৰিলত লোকসংস্কৃতিৰ ওপৰত এখন গৱেষণামূলক আলোচনা চক্ৰও অনুষ্ঠিত হ’ব।

এই আলোচনা চক্ৰত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অনিল বড়ো আৰু ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মূৰব্বী অধ্যাপক ৰবীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকিব বুলি সংবাদমেলত শাশ্বতী বৰদলৈয়ে  জানিবলৈ দিয়ে।

ইয়াৰোপৰি এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল-ধেমালি, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লোকনৃত্য, লোকগীত, লোক-সাজপাৰ প্ৰদৰ্শন, লোক আভৰণ, লোকখাদ্য ইত্যাদিৰো সমাহাৰ ঘটিব বুলি তেওঁ জানিবলৈ দিয়ে।

সংবাদ মেলৰ শেষত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত শাশ্বতীয়ে জনাই যে সাংস্কৃতিক-পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অনুষ্ঠানটোত অসমৰ লগতে মেঘালয়, ছিকিম, মিজোৰাম আৰু অৰুণাচলৰ পৰা অহা বিভিন্ন পৰম্পৰাগত সামগ্ৰী আৰু খাদ্যৰ বিপনীয়ে অংশগ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।