NORTHEAST NOW (Assamese)
Popular Stories

হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2025 7:02 pm
হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ ৰাজধানীত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে সংবাদমেল।

এইবৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰী-ছাত্ৰীয়ে স্কুটি লাভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ অধীনত ১১,২৫০গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটি। ইয়াৰে ৬৮৬০গৰাকী ছাত্ৰী আৰু ৪৩৯০গৰাকী ছাত্ৰ।