NORTHEAST NOW (Assamese)
দেশ

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2025 7:30 pm
বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলে প্ৰধানমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ স্বেচ্ছাই ২৫ হাজাৰ টকাকৈ বৰঙণি আগবঢ়োৱাৰ সংকল্প লৈছে

দেশৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ এই সাহায্য আগবঢ়োৱাৰ কথা চিন্তা কৰিছে ন্যায়াধীশ সকলে।

ন্যায়াধীশ সকলৰ এই পদক্ষেপে ন্যায়পালিকাৰ মানৱীয় মূল্যবোধ আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি দায়বদ্ধতাক প্ৰকাশ কৰিছে।

মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰাৰ লগতে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ কামনা কৰিছে।