NORTHEAST NOW (Assamese)
অসম

সুকলমে স্বগৃহ পালেহি উৰিষ্যাত আবদ্ধ নলবাৰীৰ তীৰ্থযাত্ৰীৰ দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2019 9:44 am
8100ba88-5361-40aa-8564-cdc0921f2c16-1140x570

অৱশেষত সুকলমে ৰাজ্যত আহি উপস্থিত হ’ল উৰিষ্যা ভ্ৰমণলৈ যোৱা অসমৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকসকল। আজি পুৱা ৪ বজাত বিশেষ ৰে’লযোগে নলবাৰীত উপস্থিত হয়হি ৩৪ জনীয়া তীৰ্থযাত্ৰীৰ দলটো।

উল্লেখযোগ্য যে উৰিষ্যাত চলা ফেনিৰ প্ৰচণ্ড ধুমুহাত নলবাৰীৰ উক্ত দলটোৰ লগতে অসমৰ বহু তীৰ্থযাত্ৰী আৰু পৰ্যটক আবদ্ধ হৈ পৰিছিল। শনিবাৰে নলবাৰীৰ পৰা যোৱা দলটোক কলকাতালৈ অনাৰ পিছতে ৰে’লেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

আনহাতে উৰিষ্যাত আৱদ্ধ হৈ থকা অসমৰ বাকীসকল তীৰ্থযাত্ৰীক সুকলমে ওভতাই অনাৰ বাবে ৰাজ্য চৰকাৰে উৰিষ্যা চৰকাৰৰ সৈতে যোগাযোগ চলাই আছে। এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে।

তদুপৰি নলবাৰীৰ দলটোৰ উপৰি বাইহাটা চাৰিআলিৰ পৰা যোৱা এটা ১৮জনীয়া এটা দলৰ মাজৰ দুজন পুৰীৰ পৰা আহি কলকাতা পোৱাৰ পিছত তেওঁলোককো গুৱাহাটীলৈ পঠিয়াই দিয়া হয় যদিও ইয়াৰে বাকী ১৬জন সদস্য এতিয়াও পুৰীতে আছে।