NORTHEAST NOW (Assamese)
অসম

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলক লৈ ভুৱা প্ৰচাৰ; আজি ঘোষণা কৰা নহয় ফলাফল

Posted by: এন ই নাও নিউজ May 5, 2019 11:44 am

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা নহয়। বিভিন্ন সংবাদ মাধ্যমত চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষিত হ’ব বুলি প্ৰকাশ পাইছিল যদিও আজি ফলাফ ঘোষিত নহয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়া ৰামা শৰ্মাই এই কথা নিশ্চিত কৰে।

শৰ্মাই কয় যে, ‘একাংশ ছচিয়েল মিডিয়া তথা সংবাদ মাধ্যমে আজি চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰিব বুলি প্ৰচাৰ চলাইছিল। এইটো এটা ভুৱা প্ৰচাৰ। সকলো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক জনাব বিচাৰো যে চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা নহয়।’

সংবাদ প্ৰতিষ্ঠান এ এন আইয়ে এক টুইটযোগে এই কথা প্ৰকাশ কৰে।

লগতে চি বি এছ ইৰ দশমমান শ্ৰেণীৰ ফলাফল কেতিয়া ঘোষণা কৰা হ’ব এই বিষয়ে পৰিষদৰ ফালৰ পৰা জনোৱা হ’ব বুলিও উল্লেখ কৰে।