NORTHEAST NOW (Assamese)
Popular Stories

ৰোনাল্ডোৰ ইউটিউব চেনেলত বিৰাট কোহলী! আৰচিবিৰ পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2024 10:27 am

শেহতীয়াকৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজৰ ইউটিউব চেনেল খুলিছে৷ আৰু তাৰ লগে লগে তেওঁ ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে। ৰোনাল্ডোৰ এই চেনেলটোৱে ১০ লাখ চাবস্ক্ৰাইবাৰ পোৱাৰ দ্ৰুততম চেনেল হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাই ৫৪ নিযুত অতিক্ৰম কৰিছে। কিন্তু তাত যদি ভাৰতীয় ক্ৰিকেট কিংবদন্তি বিৰাট কোহলী উপস্থিত থাকে তেন্তে কি হ’ব?

ছ’চিয়েল মিডিয়াত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এটা পোষ্টৰ পিছতে নেট জগতত উন্মাদনাৰ সৃষ্টি হৈছে। সেই ছবিখনত কি আছে? দেখা গৈছে যে বিৰাট ৰোনাল্ডোৰ লগত বহি আছে। সন্মুখত মাইক। পিঠিত চি আৰ ৭ৰ পৰ্তুগাল আৰু আল নাছৰ দলৰ জাৰ্চি। ইয়াৰ উপৰিও ট্ৰফী হাতত লৈ থকা ৰোনাল্ডোৰ ছবিও আছে। মুঠতে পৰ্তুগীজ কিংবদন্তিগৰাকীৰ ইউটিউব চেনেলৰ চিনাকি পৰিৱেশ। আৰু তাতেই দুজনেই আড্ডাত জমি উঠিছে।

লগতে পঢ়কঃদৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে

কিন্তু এই সম্ভাৱনা সঁচাই হ’বলৈ গৈ আছে নেকি? ভৱিষ্যতে কি হ’ব সেয়া ক’ব নোৱাৰি যদিও এতিয়া এই ছবিখন এআইৰ সহায়ত নিৰ্মাণ কৰা হৈছে। যাৰ সৈতে আৰচিবিৰ কেপচনত বিৰাট কোহলী আৰু ৰোনাল্ডোৰ যুটিত ‘সৰ্বকালৰ দুজন শ্ৰেষ্ঠ খেলুৱৈ’ৰ কথা কোৱা হৈছে।

তেওঁলোকে লিখিছে, “এইটো মিছ কৰিব পাৰিনে? এই যুটীটোৱে নেট জগত কঁপাই তুলিব।” আৰু এই খণ্ডটোৰ নাম কি হ’ব, তাকো তেওঁলোকে জনাইছে। ইয়াৰ নাম হ’ব ‘GOATS’। প্ৰচলিত অৰ্থত Greatest Of All Time।

কমেন্টতো অনুৰাগীসকল এই দুজনৰ কাহিনী শুনিবলৈ আগ্ৰহৰ কথা ব্যক্ত কৰিছে। শেহতীয়াকৈ তেওঁৰ প্ৰাক্তন সতীৰ্থ ৰিঅ’ ফাৰ্ডিনাণ্ডে ৰোনাল্ডোৰ চেনেলত উপস্থিত হৈছিল। তাতেই পাঁচবাৰৰ বেলন ডি অৰ বিজয়ীগৰাকীয়ে ১০০০ গ’ল দিয়াৰ লক্ষ্য ঘোষণা কৰে। বিৰাট তাত আহিলে দুয়োজনে কি কথা পাতিব? এই সপোন কেতিয়াবা সঁচা হ’বনে? আশা এৰিবলৈ অনিচ্ছুক অনুৰাগীসকল।