NORTHEAST NOW (Assamese)
অসম

শিক্ষা বিষয়াৰ চহী জালিয়াতি কৰি নিলম্বিত হ’ল সোণাৰিৰ মঞ্জুশ্ৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক

Posted by: এন ই নাও নিউজ April 26, 2018 10:48 pm

শিক্ষকতাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত চৰাইদেউ জিলাৰ সোণাৰিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে শিক্ষা বিষয়াৰ চহী জালিয়াতি কৰি নিলম্বিত হ’ব লগা হয়।

উল্লেখযোগ্য যে সোণাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ মঞ্জুশ্ৰী বাগিচা প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক যোগেশ সোণাৰে বেংকৰ ঋণৰ প্ৰ-পত্ৰত সোণাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰবীণ বৰুৱাৰ চহী জালিয়াতি কৰি বেংকত জমা দিয়ে।

ইফালে ভাৰতীয় ষ্টেট বেংকৰ সোণাৰি শাখাত প্ৰধান শিক্ষক সোণাৰে জমা দিয়া নথি-পত্ৰত থকা শিক্ষা বিষয়া গৰাকীৰ চহীৰ ওপৰত সন্দেহ ওপজাত শিক্ষা বিষয়া গৰাকীক বেংকলৈ মাতি পঠিয়াই।

শিক্ষা বিষয়া গৰাকী বেংকত উপস্থিত হোৱাৰ লগে লগে ঘটনাৰ প্ৰকৃত কথা উলাই পৰে। শিক্ষা বিষয়া গৰাকীয়ে বেংকৰ নথি-পত্ৰত থকা স্বাক্ষৰ তেওঁৰ নহয় বুলি স্পষ্ট কৰি দিয়ে। ফলত প্ৰধান শিক্ষক জনৰ জালিয়াতিৰ কথা উলাই পৰে।

লগতে শিক্ষা বিষয়া গৰাকীয়ে চৰাইদেউ জিলাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকক লিখিতভাৱে ঘটনা সন্দৰ্ভত অৱগত কৰে। ফলত উপ-পৰিদৰ্শক গৰাকীয়ে ঘটনাৰ তদন্ত কৰি প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা বিষয়া গৰাকীৰ চহী জালিয়াতি কৰা বুলি প্ৰমাণিত হোৱাত প্ৰধান শিক্ষক গৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে।